উত্তপ্ত সদন ! মাৰ্শ্বাল লগাই সদনৰ পৰা বাহিৰ কৰি দিলে ৰূপজ্যোতি কুৰ্মীক…

উত্তপ্ত সদন ! মাৰ্শ্বাল লগাই সদনৰ পৰা বাহিৰ কৰি দিলে ৰূপজ্যোতি কুৰ্মীক…

August 31, 2020 0 By NEWS DESK

অসম বিধানসভাৰ প্ৰথম দিনটোতে উত্তপ্ত সদন।

বিধায়ক ৰূপজ্যোতি কুৰ্মীক মাৰ্শ্বাল লগাই বহিষ্কৃত কৰিলে অধক্ষয়>

কৰ’ণা কেন্দ্ৰিক পৰিস্থিতি, অসম চুক্তিকে ধৰি বিভিন্ন প্ৰসংগৰ ওপৰত প্ৰশ্ন কৰিছিল কুৰ্মীয়ে।

কুৰ্মীয়ে উত্তপ্ত ভাষণ সামৰিবলৈ অধ্যক্ষই নিৰ্দেশ দিছিল যদিও মনা নাছিল সেই নিৰ্দেশ।

কিন্তু নিৰ্দেশ নমনাৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰে বিধায়কজনক।

ইয়াৰ পাছতে বিধায়কগৰাকীয়ে সংবাদমাধ্যমক কয় যে.-‘২০১৪ চনৰ পৰা কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ চৰকাৰখন অহাৰ পাছত ৰাজ্য চৰকাৰে অসম চুক্তিৰ অধীনত কি কি কাম হাতত লৈছে আৰু নীতিন গাডকাৰী আৰু প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী সভাত ঘোষণা কৰা অনুসৰি অসম চুক্তিৰ আখৰে আখৰে পালন কৰা সন্দৰ্ভত মই জানিবলৈ বিচাৰিছিলো।

৫ নম্বৰ দফা যিহেতু অসম চুক্তিৰ আত্মা, এই আত্মাৰ ৰক্ষাৰ বাবে বিদেশী বহিষ্কাৰ যিহতু মূল মন্ত্ৰ আছিল এই কাম কিমানদূৰ আগবাঢ়িছে।সেই সন্দৰ্ভত জানিব বিচাৰি প্ৰশ্ন কৰিছিলো।

ৰহা আন্দোলনত শ্বহীদ হোৱা মিণ্টু দেউৰীৰ পত্নীক আজি ডেৰ বছৰে ধৰি চৰকাৰে কামত খটুৱাই এটকাও দৰমহা প্ৰদান কৰা নাই। এই বিষয়ত মই সদনত উত্তৰ বিচাৰিছিলো।

কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহোদয় এই বিষয়ে উত্তৰ দিবলৈ অপৰাগ হোৱাত। আমি তেওঁ এক ইংগিত দিয়া প্ৰত্যক্ষ কৰিছিলো। তাৰ পিছতেই মোক অধ্যক্ষ গৰাকীয়ে অধিৱেশনৰ পৰা বাহিৰ কৰি দিলে।