উত্তৰ গুৱাহাটীত ট্ৰাকসহ জব্দ ১০ লক্ষাধিক মূল্যৰ বিদেশী চিগাৰেটৰ !

উত্তৰ গুৱাহাটীত ট্ৰাকসহ জব্দ ১০ লক্ষাধিক মূল্যৰ বিদেশী চিগাৰেটৰ !

September 3, 2020 0 By NEWS DESK

উত্তৰ গুৱাহাটী গৌৰীপুৰত ট্ৰাকসহ জব্দ বৃহৎ পৰিমানৰ বিদেশী চিগাৰেট।

জব্দকৃত বিদেশী চিগাৰেটখিনিৰ মূল্য প্ৰায় ১০ লক্ষাধিক টকা।

WB-23-E-0025 নম্বৰৰ ট্ৰাকখনেৰে ইম্ফলৰ পৰা ঝাৰখণ্ডলৈ সৰবৰাহ কৰা হৈছিল বিদেশী চিগাৰেটখিনি।

উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক সিঙৰ নেতৃত্বত গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই চিগাৰেটখিনি জব্দ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষী চকীত 460/20 নম্বৰৰ ভাৰতীয় দণ্ডবিধি আইনৰ U/S- 379/411/34 IPC R/W Sec. 20(I)/20(2) Cotpa Act ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ চালক সঞ্জয় চেত্ৰী আৰু হেণ্ডিমেন আমিৰ হুছেইন।