NEWS8 NE

উত্তৰ গুৱাহাটীত পাহাৰ খননৰ সময়তে ওলাল বৃহৎ আকৃতিৰ শিৱলিংগ

পংকজ নাথ। উত্তৰ গুৱাহাটী ঐতিহাসিক অশ্বক্লান্ত দেৱালয়ৰ সমীপত চলি থকা পাহাৰ খননৰ সময়তে ওলাল বৃহৎ আকৃতিৰ শিৱলিংগ।

জানিব পৰা মতে, এক্সাভেটৰেৰে এফালৰ পৰা খহাই পেলোৱা হৈছিল এই পাহাৰখন।

তেনে সময়তে যেন মানৱৰূপী দানৱক বাধা দিবলৈ আবিৰ্ভাব হ’ল মহাদেৱৰ।

হঠাৎ মাটিৰ লগত পাহাৰৰ ওপৰৰ পৰা তললৈ সৰি পৰে এটি সুন্দৰ শিৱ লিংগ।

এক্সাভেটৰৰ হেঁচাত শিৱ লিংগটোৰ সামান্য অংশৰ ক্ষতি সাধন হয়। শিৱলিংগ দেখি অঞ্চলটিত হুৱাদুৱা লাগিল।

শিৱলিগ দৰ্শনৰ বাবে অঞ্চলটিত বহুলোকৰ সমাগম হ’ল।

স্থানীয় লোকে লগে লগে শীৱলিংগটো ধুই সেই স্থানতে পূজা অৰ্চণা কৰে।

বৃত্তাকাৰ মসৃণ আৰু সুন্দৰ শিৱ লিংগ দৰ্শন কৰি বহুলোকে ৰচনা কৰিলে মৌখিক কাহিনীও।

সন্ধিয়াৰ ভাগত উদ্ধাৰ হোৱা শিৱ লিংগৰ খবৰ বতাহৰ লেখীয়া বিয়পি পৰাত লোকাৰণ্য হৈ পৰিব অঞ্চলটি।

https://informerne.com/wp-content/uploads/2022/06/video_2022-06-11_16-16-36.mp4

ইফালে শিৱ লিংগ উদ্ধাৰৰ পিছত অসাধু পাহাৰ খননকাৰী লোকো ভীতিগ্ৰস্ত হৈ পাহাৰ খনন বন্ধ কৰি মহাপ্ৰভুৰ শৰণাগত হৈ মন্দিৰ নিৰ্মাণৰ পন কৰিলে।

১৭ শতিকাৰ আহোম ৰজা শিৱ সিংহৰ দিনৰ শিব লিংগ বুলি অনুমান কৰা হৈছে এই শিৱলিংগ।

শিব লিংগৰ লগতে পটাগুটিৰ লেখীয়া আন এটি শিলত খোদিত শৈল ভাস্কয্যও উদ্ধাৰ হয়।

শিৱ সিংহৰ দিনৰ বহু শৈল ভাস্কয্য অঞ্চলটিত সিচৰিত হৈ পৰি আছে বুলি সন্দেহ কৰিছে অঞ্চলটোৰ লোকে।

https://informerne.com/wp-content/uploads/2022/06/video_2022-06-11_16-16-39.mp4

পাহাৰৰ টিলাৰ পৰা শিব লিংগ সৰি পৰালৈ চাই শিব মন্দিৰৰ অবস্থিতি অনুমান কৰা হৈছে।

পুৰাতত্ব বিভাগে খনন কৰিলে বহু পুৰাতাত্বিক সমল উদ্ধাৰ হব পাৰে অঞ্চলটিত। ইফালে ৰজাদূৱাৰৰ গণেশ মন্দিৰৰ পাহাৰতো আহোম ৰজা ৰূদ্ৰ সিংহৰ দিনৰ বহু শৈল ভাস্কয্য অবহেলিত হৈ বহুবছৰ ধৰি পৰি আছে ।

https://informerne.com/wp-content/uploads/2022/06/video_2022-06-11_16-16-32.mp4

পুৰাতত্ব বিভাগে এই সমল সমূহ সংৰক্ষণৰ আজি কোপতি ব্যবস্থা গ্ৰহণ নকৰাক লৈ ক্ষোভিত হৈছে ৰাইজ । সৰ্বোপৰি ঐতিহাসিক স্থানৰ ভুমি কাৰ অনুমতিত খান্দিবলৈ সাহস পালে এক বিচাৰ্য বিষয় হৈ পৰিছে ।

ৰাইজৰ আপত্তিৰ পিছতো জাইকাৰ পানী প্ৰকল্পৰ নামত অশ্বক্লান্ত দেৱালয়ৰ পাহাৰ খন্দাৰ ফলত বুৰজ্ঞীৰ নোখোলা পিষ্ঠা হেৰোৱাৰ আকাংক্ষা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে । যাৰবাবে অতিশীঘ্ৰে অবৈধ খনন বন্ধ কৰি এই স্থান সমূহত পুৰাতত্ত্ব জৰীপ বিভাগৰ খনন বিচাৰিছে একাংশ ৰাইজে।

Exit mobile version