উত্তৰ-পূবৰ কৃষক-উদ্যোগীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ‘কৃষি উড়ান আঁচনি’

উত্তৰ-পূবৰ কৃষক-উদ্যোগীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ‘কৃষি উড়ান আঁচনি’

August 29, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স। উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকে উৎপাদন কৰা কৃষিজাত সামগ্ৰীসমূহৰ ৰপ্তানিৰ বাবে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে ‘কৃষি উড়ান আঁচনি’ মুকলি কৰিছে।

গুৱাহাটী স্থিত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে জনােৱা মতে এই আঁচনিয়ে স্থানীয় কৃষক আৰু গ্ৰামাঞ্চলৰ লোকসকলক উপকৃত কৰিব।

উৎপাদিত সামগ্ৰীসমূহৰ বিপণনৰ ক্ষেত্ৰত সহায় কৰাৰ লক্ষ্যৰে এই আঁচনি মুকলি কৰা হৈছে বুলি তেওঁ মত ব্যক্ত কৰে।

এই আঁচনিৰ প্ৰথমটো পদক্ষেপ হিচাপে স্পাইচজেটে কলকাতাৰ পৰা ৫,৮০০ কিলোগ্ৰাম সামগ্ৰী মিজোৰামৰ লেংপুই বিমান বন্দৰলৈ এয়াৰ কাৰ্গোযোগে কঢ়িয়াই আনে।

পুনৰ এই বিমানখনে মিজোৰামৰ পৰা স্থানীয়ভাৱে উৎপাদিত বিভিন্ন সামগ্ৰী যেনে- কমলা, নেমু, কল, আদা, মাটিকঁঠাল আদি কলকাতালৈ কঢ়িয়াই নিয়ে।

বিমান বন্দৰ প্ৰধিকৰণে প্ৰকাশ কৰা অনুসৰি লেংপুইৰ পৰা কলকাতালৈ প্ৰতি সপ্তাহে এই কাৰ্গো বিমান চলাচল কৰিব।

তদুপৰি উত্ত-পূবৰ অন্যান্য চহৰসমূহত থকা বিমান বন্দৰৰ পৰাও আঁচনি মুকলি কৰা হ’ব বুলি প্ৰাধিকৰণে জানিবলৈ দিয়ে।

উল্লেখ্য যে সম্প্ৰতি গুৱাহাটী বিমান বন্দৰৰ পৰা এনে কাৰ্গো সেৱা আগবঢ়াই আছে স্পাইচজেটে।

বিগত বৰ্ষত গুৱাহাটী বিমান বন্দৰৰ পৰা হংকঙলৈ দুবাৰকৈ ফল-মূল আৰু শাক-পাচলি ৰপ্তানি কৰা হৈছিল স্পাইচজেট কাৰ্গো বিমানযোগে।

বিমান বন্দৰ প্ৰাধিকৰণৰ এই আঁচনিয়ে উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত জৈৱিক সামগ্ৰীসমূহৰ ৰপ্তানি বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰা হৈছে।