উত্তৰ-পূবৰ সকলো ৰন্ধন গেছ ছিলিণ্ডাৰ প্ৰকল্প অনিৰ্দিষ্টকাললৈ বন্ধ !

উত্তৰ-পূবৰ সকলো ৰন্ধন গেছ ছিলিণ্ডাৰ প্ৰকল্প অনিৰ্দিষ্টকাললৈ বন্ধ !

August 27, 2020 0 By NEWS DESK

উত্তৰ-পূবৰ সকলো ৰন্ধন গেছ ছিলিণ্ডাৰ প্ৰকল্প অনিৰ্দিষ্টকাললৈ বন্ধ।

যাৰ ফলত ৰাজ্যত ৰন্ধন গেছৰ ছিলিণ্ডাৰ নাটনি হোৱাৰ পূৰ্ণ সম্ভৱনা দেখিবলৈ পোৱা গৈছে।

বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব উত্তৰ-পূৱৰ আটাইকৈইটা ৰন্ধন গেছ ছিলিণ্ডাৰ প্ৰকল্প।

উত্তৰ গুৱাহাটীৰ লগতে বঙাইগাও ৰন্ধন গেছ প্ৰকল্প, মিৰ্জা ৰন্ধন গেছ প্ৰকল্প, গোপানাৰী ৰন্ধন গেছ প্ৰকল্প, তিনিচুকীয়া ৰন্ধন গেছ প্ৰকল্প, দুলিয়াজান ৰন্ধন গেছ প্ৰকল্প, চেকমাই ৰন্ধন গেছ প্ৰকল্প, ডিমাপুৰ ৰন্ধন গেছ ছিলিণ্ডাৰ প্ৰকল্প, আৰু ত্ৰিপুৰা ৰন্ধন গেছ প্ৰকল্প বন্ধ থাকিব।

উত্তৰ পূৱ LPG Transporters Associationৰ ধৰ্মঘটৰ উত্তৰ পূৱ ৰন্ধন গেছৰ ছিলিণ্ডাৰ প্ৰকল্প।

নৰ্থ ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ’ৰ্টাৰ এছ’চিয়েচনৰ বিভিন্ন দাবীত গ্ৰহণ ‌কৰিছে এই ধৰ্মঘট কাৰ্যসূচী।

উল্লেখ্য যে IOCৰ কাৰ্যালয় গুৱাহাটীৰ পৰা কলিকতালৈ স্থানান্তৰ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদ।

লগতে আই অ’ চি কৃৰ্তপক্ষই থলুৱাক বঞ্চিত কৰি বণিক গোষ্ঠীক ৰঙা দলিছা পাৰি দিয়াৰ অভিযোগ।