উত্তৰ পূৱৰ ৭ ৰাজ্যৰে বিমান পৰিবহণত সংযুক্ত হব শ্বিলং

উত্তৰ পূৱৰ ৭ ৰাজ্যৰে বিমান পৰিবহণত সংযুক্ত হব শ্বিলং

August 29, 2020 0 By NEWS DESK

মেঘালয়বাসীৰ বাবে এক সুখবৰ। পাহাৰীয়া ৰাজ্যখনৰ ৰাজধানী চহৰ শ্বিলং সংযুক্ত হ’ব উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰে।

ভাৰত চৰকাৰৰ UDAN আঁচনিৰ অধীনত এই পদক্ষেপ লৈছে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে।

ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৭ ৰাজ্যৰ ৰাজধানী আৰু প্ৰধান চহৰ সমূ্হৰ সৈতে পোনপটীয়া যোগাযোগৰ সুব্যৱস্থা কৰা হ’ব।

ইয়াৰোপৰি কলকাতা আৰু বাণিজ্যিক চহৰ শিলচৰৰ সৈতেও পোনপটীয়া যোগাযোগ স্থাপন হব শ্বিলংৰ।

শ্বিলংৰ সৈতে পোনপটীয়া যোগাযোগ স্থাপন হবলগীয়া উত্তৰ পূৱৰ এই ৭ বিমানবন্দৰ হল – গুৱাহাটী, আগৰতলা, ডিমাপুৰ, ইম্ফল, পাছিঘাট, ডিব্ৰুগড় আৰু শিলচৰ।

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ যুটীয়া সচিব উষা পৰ্ডীয়ে এই পদক্ষেপৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ লোক অধিক উপকৃত হব বুলি জনাইছে।