উদ্বেগজনক! ৰাজ্যজুৰি এদিনতে ক’ভিডে প্ৰাণ ল’লে ৮৫ জনৰ

উদ্বেগজনক! ৰাজ্যজুৰি এদিনতে ক’ভিডে প্ৰাণ ল’লে ৮৫ জনৰ

May 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত একেৰাহে দ্বিতীয় দিনাও ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ বাবে প্ৰাণ গ’ল অৰ্ধ শতাধিক লােকৰ।

সােমবাৰে ৰাজ্যজুৰি ৭৭ জন লােকৰ মৃত্যু হােৱাৰ বিপৰীতে মংগলবাৰে দৈনিক মৃত্যুৰ সংখ্যা ৮৫ লৈ বৃদ্ধি পায়।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰে এই উদ্বেগজনক তথ্য।

দিনটােত নতুনকৈ ক’ভিডত আক্ৰান্ত হােৱা লােকৰ সংখ্যা ৬,২৫৮ জন।

টুইটাৰত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, দিনটােত সৰ্বমুঠ ৬৮,৫৭২ জনৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।

এই অনুসাৰে আক্ৰান্তৰ হাৰ ৯.১৩ শতাংশ। সােমবাৰে এই হাৰ আছিল ৮.੦৪ শতাংশ।

মৃতকৰ ভিতৰত সৰ্বাধিক সংখ্যা গুৱাহাটী মেট্ৰ’ৰ। দিনটােত সৰ্বাধিক ৩৫ জন লােকে ক’ভিডৰ ফলত প্ৰাণ ত্যাগ কৰে।

ইয়াৰ উপৰি ডিব্ৰুগড়ত ৭ জন, নগাঁৱত ৬, কামৰূপত ৫, বৰপেটা, শিৱসাগৰ, শােণিতপুৰত ৪ জনকৈ, যােৰহাট, তিনিচুকীয়াত ২ জনকৈ, কাছাৰ, গােৱালপাৰা, হাইলাকান্দি, নলবাৰীত ২ জনকৈ আৰু বঙাইগাঁও, ধেমাজি, ধুবুৰী, গােলাঘাট, হােজাই, কাৰ্বি আংলং জিলাত ১ জনকৈ লােকে ক’ভিডত প্ৰাণ হেৰুৱায়।

উল্লেখ্য যে দিনটােত ৪,৪੦৯ জন ক’ভিডত ৰােগী ক’ভিডৰ পৰা সুস্থ হৈ উঠে।

লগতে চাওকঃ

নিজে কৃত্ৰিম অক্সিজেন লৈ জীয়াই থাকিও আনক যােগান ধৰিছে প্ৰাণবায়ু!