NEWS8 NE

উদ্বেগজনক! ৰাজ্যত এদিনতে ক’ভিডত প্ৰাণ হেৰুৱালে ৪৬ জন লােকে, গুৱাহাটীত মৃত ১৩

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ হাৰ বৃদ্ধিৰ লগতে অব্যাহত আছে মৃত্যুৰ ঘটনাও। বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডত প্ৰাণ গ’ল ৪৬ জনকৈ লােকৰ।

উল্লেখ্য যে বুধবাৰে ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৫৫ জন লােকে প্ৰাণ হেৰুৱাইছিল।

এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ৪,৯৩৬ জন লােক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে।

ইয়াৰে ১,৩৫৩ জন কেৱল গুৱাহাটী মেট্ৰ’ জিলাৰ।

ইয়াৰে সৰ্বাধিক মৃতকৰ সংখ্যা গুৱাহাটী মহানগৰীত। মহানগৰীত দিনটােত ১৩ জনৰ মৃত্যু হােৱাৰ বিপৰীতে ডিব্ৰুগড়ত ৪ আৰু কামৰূপ (গ্ৰাম্য) জিলাত ৪ জন লােকৰ মৃত্যু হয়।

দিনটােত ৰাজ্যৰ সৰ্বমুঠ ২੦ খন জিলাত ক’ভিডৰ বাবে ৰােগীৰ মৃত্যু ঘটে।

উল্লেখ্য যে দিনটােত ৬১,৩৭৭ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। আনহাতে, সংক্ৰমণৰ হাৰ বুধবাৰৰ ৯.২৭ শতাংশৰ পৰা ৮.੦৪ শতাংশলৈ হ্ৰাস পাইছে।

ৰাজ্যত সক্ৰিয় ক’ভিড ৰােগীৰ সংখ্যা ৩১,৮২৯ লৈ বৃদ্ধি পাইছে। দিনটােত ক’ভিডৰ পৰা সুস্থ হৈ থকা ২,৯৭৬ জন লােকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।

লগতে চাওকঃ

দিল্লীত কৰ্মৰত অসমৰ দুগৰাকী অধ্যাপকৰ ক’ভিড-১৯ত মৃত্যু

Exit mobile version