Site icon NEWS8 NE

উদ্বোধনী অনুষ্ঠানৰ বাবে গৈ মন্ত্ৰীয়ে ফিতা কাটিলে দাঁতেৰে, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। যিকোনো আচাৰ অনুষ্ঠান বা প্ৰতিষ্ঠান উদ্বোধন কৰিবৰ বাবে নিমন্ত্ৰণ জনোৱা হয় ৰাজনৈতিক নেতা বা মন্ত্ৰীক। ই কোনো অসাধাৰণ কথা নহয়।

কিন্তু এইবাৰ মন্ত্ৰীয়ে উদ্বোধনী অনুষ্ঠানত কৰিলে এক অসাধাৰণ কাৰ্য।

এখন দোকানৰ উদ্বোধন কৰিবলৈ গৈ মন্ত্ৰীজনে কেঁচিৰে ফিতা কটাৰ সলনি তেওঁ কাটিলে নিজৰ দাঁতেৰে।

এই কাৰ্য কৰিলে এজন পাকিস্তানী মন্ত্ৰীয়ে। তেওঁ হল পাকিস্তানৰ পঞ্জাৱ চৰকাৰৰ কাৰাগাৰ মন্ত্ৰী তথা মুখপাত্ৰ ফৈয়াজ-উল-হাছান চোহান।

বৰ্তমান সেই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

জানিব পৰা মতে, ২ ছেপ্টেম্বৰত কাৰাগাৰ মন্ত্ৰীজনক তেওঁৰ ৰাৱালপিণ্ডি সমষ্টিত এখন ইলেক্ট্ৰনিকচৰ দোকান উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। য’ত চোহানে কেঁচিৰে ফিতা কাটিব পৰা নাছিল। কিয়নো কেঁচিখন ভোদা আছিল।

সেয়েহে চোহানে ফিতা কাটিবলৈ নিজৰ দাঁত ব্যৱহাৰ কৰিছিল। আৰু দাঁতেৰেই তেওঁ ফিতা কাটে। সেই দৃশ্যই অনুষ্ঠানটোত উপস্থিত থকা সকলৰ মাজত হাঁহিৰ খােৰাক যােগায়।

টুইটাৰত ফৈয়াজ-উল-হাছান চোহানেও সেই ভিডিঅ’টো শ্বেয়াৰ কৰে আৰু কয় যে “কেঁচিখন ভোদা আৰু বেয়া আছিল।”

উল্লেখ্য যে ২১ ছেকেণ্ডৰ ক্লিপটো প্ৰথমে সাংবাদিক মুৰ্তজা আলী শ্বাহে টুইটাৰত প’ষ্ট কৰিছিল।

এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতেই সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীসকলে বিভিন্ন মন্তব্য আৰু ধেমেলীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Exit mobile version