উদ্বোধনৰ এদিন পূৰ্বেই নদীৰ বাঢ়নী পানীত উটি গ’ল কোটি টকীয়া দলং !

উদ্বোধনৰ এদিন পূৰ্বেই নদীৰ বাঢ়নী পানীত উটি গ’ল কোটি টকীয়া দলং !

August 30, 2020 0 By NEWS DESK

উদ্বোধনৰ এদিন পূৰ্বেই নদীৰ বাঢ়নী পানীত উটি গ’ল কোটি টকীয়া দলং।

মধ্যপ্ৰদেশৰ সিৱানী জিলাত সংঘটিত হৈছে এই আচৰিত ঘটনা।

ৰাজ্যখনত যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰাৰ ফলত সৃষ্টি হৈছিল বানপানীৰ।

যাৰ ফলত বাঢ়নী পানীত উটি গ’ল ৩ কোটি ৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলঙখন।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এই দলংখনৰ নিৰ্মাণ কাৰ্য প্ৰায় এমাহ পূৰ্বে আৰম্ভ কৰা হৈছিল।

অৱশ্যে দলংখন উদ্বোধন কৰাৰ পূৰ্বেই স্থানীয় ৰাইজে দলংখন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।

যি ঘটনাই উদঙাই তুলিছে ৰাজ্যখনৰ উন্নয়নৰ নমুনা।