NEWS8 NE

উন্নয়ন সুদূৰ পৰাহত! নৈৰ বুকুৰে ভয়ংকৰ যাত্ৰা কণ-কণ ছাত্ৰ-ছাত্ৰীৰ

নিউজ ডেস্ক। চৰকাৰ সলনি হ’লেও কােনাে উন্নয়ন নহ’ল গােৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ বাসিন্দাসকলৰ সমস্যা।

জনপ্ৰতিনিধি তথা সংশ্লিষ্ট বিভাগসমূহৰ গাফিলতিৰ বাবেই বাট-পথ-বিদ্যুত-খােৱাপানীৰ দৰে এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত এই অঞ্চলৰ নাগৰিক।

এনে এটা পিছপৰা অঞ্চল হৈছে গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা অসম-মেঘালয় সীমান্তৱৰ্তী কুকুৰকাটা।

স্বাধীনােত্তৰ কালনৰে পৰা বৃহত্তৰ কুকুৰকাটা অঞ্চলৰ ৭-৮খন গাঁৱৰ ৰাইজে বছৰৰ পাছত বছৰ নৰক যন্ত্ৰণা ভোগ কৰি দিন অতিবাহিত কৰিবলগীয়া হৈছে।

কুকুৰকাটাৰ টিকলিপাৰাত যাতায়াত ব্যৱস্থা অতি পয়ালগা। টিকলিপাৰা গাঁওখনৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয়খন নৈখনৰ সিটো পাৰে অৱস্থিত। সেয়ে পুৱাতে গাঁওখনৰ ছাত্ৰ-ছাত্ৰীয়ে জিনাৰী নৈৰ বুকুৰে ভয়ংকৰ যাত্ৰা কৰিবলগীয়া হয়।

গাঁওখনৰ বাবে এয়া নিত্য-নৈমত্তিক ঘটনা। কেৱল কুকুৰকাটাৰ টিকলিপাৰাই নহয়, অঞ্চলটোৰ গাৰোমাৰা, সৰগপাৰা আদিকে ধৰি ৮-১੦ খন গাঁৱৰ বাসিন্দাই বছৰটােৰ অধিকাংশ সময়তে খৰস্ৰােতা জিনাৰী নৈৰ বুকুৰে বিপদসংকুল যাত্ৰা কৰিব লাগে।

বাৰিষা কালত এই অঞ্চলসমূহ যেন পৰিণত হয় দ্বীপত।

সময়ে-সময়ে অঞ্চলবাসী ৰাইজে জনপ্ৰতিনিধি তথা সংশ্লিষ্ট কৰ্তৃপক্ষক আৱেদন-নিবৱেদন কৰিলে কোনো সুফল লাভ নকৰেলে।

মাথোঁ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এনে অঞ্চলসমূহলৈ আগমন ঘটে বিভিন্ন নেতা-পালিনেতাৰ।

এইবেলি বিধানসভা নিৰ্বাচনত ৰাজনৈতিক নেতা-পালিনেতাই অঞ্চলটােত ভােট ভিক্ষাৰ বাবে উপস্থিত হ’লে উচিত শিক্ষা দিয়াৰ পণ লৈছে সচেতন অঞ্চলবাসীয়ে।

Exit mobile version