উন্মুক্ত নদী সীমান্তৰে গৰু বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা, নাওসহ জব্দ

উন্মুক্ত নদী সীমান্তৰে গৰু বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা, নাওসহ জব্দ

October 4, 2020 0 By NEWS DESK

বিভিন্ন অবৈধ পন্থাৰে অসমৰ পৰা বাংলাদেশলৈ গৰুৰ চােৰাং সৰবৰাহ অব্যাহত আছে।

সীমান্ত সুৰক্ষা বাহিনীৰ সমান্তৰালকৈ অসম আৰক্ষীয়েও এই চােৰাং বেহা ৰােধৰ বাবে শেহতীয়াকৈ অধিক সক্ৰিয় হােৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে সীমান্তৰ কাঁইতীয়া তাঁৰৰ বেৰ নাইবা উন্মুক্ত স্থল সীমান্তৰ সমানে ভাৰত-বাংলাদেশ সীমান্তৰ উন্মুক্ত ব্ৰহ্মপুত্ৰ নদী পথেৰেও বাংলাদেশলৈ গৰুৰ চোৰাং বেহা অব্যাহত ৰাখিছে অসাধু ব্যৱসায়ীয়ে।

ইপিনে, গােপন সূত্ৰ পম খেদি দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ এটা দলে ভাৰত-বাংলাদেশ সীমান্তবৰ্তী সুতলামাৰী চৰত অভিযান চলাই ইঞ্জিনচালিত নাওসo ৩৮ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়।

উক্ত নাওসহ গৰুকেইটা চোৰাং বেপাৰীয়ে বাংলাদেশলৈ চালান দিয়াৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই নাওখনত থকা চোৰাং গৰু সৰবৰাহকাৰীৰ দলটো পলায়ন কৰিবলৈ সক্ষম হয়।