Site icon NEWS8 NE

উফন্দি উঠা নৈত উটি গ’ল সদ্যােজাত হাতী পােৱালি, কেমেৰাত বন্দী হাতীৰ উদ্ধাৰ অভিযানৰ দৃশ্য

নিউজ ডেস্ক। পৰিয়ালৰ সদস্য যেতিয়া বিপদত পৰে তেতিয়া তেওঁক সহায় অথবা উদ্ধাৰ কৰাটো পৰিয়ালৰ বাকী সকলৰ দায়িত্বই।

এইবাৰ সেই কথা প্ৰমাণ কৰিলে এটা হাতীৰ জাকে।

নদীত উটি যোৱা এটা কণমানি পোৱালি হাতীক উদ্ধাৰ কৰিবলৈ নামি গ’ল হাতীৰ পৰিয়াল।

বৰ্তমান সেই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

দৃশ্যটোত দেখা অনুসৰি, জংঘলৰ মাজত এটা হাতীৰ জাক। জাকটোৱে পাৰ হব বিচাৰিছে এখন নদী। লগত আছে সদ্যোজাত পোৱালি হাতীয়ো। কিন্তু হঠাতে উফন্দি উঠিল নদীৰ জলধাৰা।

দ্ৰুত গতিত প্ৰবাহিত হৈছে নদীৰ জলধাৰা। যাৰফলত জাকটোৰ পৰা উটি গ’ল এটা কণমানি পোৱালি হাতী।

সেই দৃশ্য দেখি লগে লগেই আন সদস্য সকলে নদীৰ মাজত বেগাই গ’ল পোৱালিটোক উদ্ধাৰৰ বাবে।

এক শ্বাসৰুদ্ধকৰ দৃশ্য। তিনিটা হাতীয়ে কণমানি পোৱালিটোক নদীৰ মাজত উদ্ধাৰ কৰি আনে যদিও পাৰ নাপাওঁতেই পুনৰ পোৱালিটো উটি যায়।

পুনৰ তিনিওৱে উদ্ধাৰ কৰি আৱৰি আনে কণমানি পোৱালি হাতীটোক। এটা হাতীয়ে পোৱালিটোক পাৰত উটি যাব নোৱাৰাকৈ ধৰি ৰাখে, আৰু আন দুটাই পোৱালিটো পাৰলৈ উঠিবলৈ বাট মোকলাই দিয়ে।

উল্লেখ্য যে সদ্যােজাত হাতী পােৱালিটোক উদ্ধাৰৰ বাবে অভিযান চলোৱা হাতী তিনিটাও বিশেষ ডাঙৰ অথবা প্ৰাপ্তবয়স্ক নহয়। এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

Exit mobile version