উৎকােচ লৈ হাতে-লােটে ধৰা পৰিল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, সহ-পৰিদৰ্শক

উৎকােচ লৈ হাতে-লােটে ধৰা পৰিল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, সহ-পৰিদৰ্শক

September 23, 2020 0 By NEWS DESK

ধুবুৰী। পুনৰ কলংকিত হ’ল খাকী পােছাক।

উৎকােচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ’ল খােদ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া-সহকাৰী পৰিদৰ্শক।

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰ আৰু গৌৰীপুৰ টাউন সহপৰিদৰ্শক আবুল কালাম আজাদক গ্ৰেপ্তাৰ।

আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশত গুৱাহাটীৰ পৰা যােৱা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া তথা জিলাখনৰ আৰক্ষী অধীক্ষকে অভিযান চলাই হাতে-লােটে ধৰা পেলালে দুই দুৰ্নীতিপৰায়ণ আৰক্ষী বিষয়াক।

জানিব পৰা মতে, এটা গোচৰ মীমাংসা কৰাৰ নামত আচামীৰ পৰা ধন একলাখ টকা লৈছিল উৎকোচ লৈছিল বিষয়া দুজনে।

কিন্তু এই বিষয়ে আগতীয়া তথ্যৰ ভিত্তিতে দুৰ্নীতি নিবাৰক শাখা তথা জিলাখনৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই উৎকােচ লওঁতে হাতে-লােটে ধৰে আৰক্ষী বিষয়া দুগৰাকীক।

ইতিমধ্যে দুয়ােজনকে গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই।

সাংবাদিকৰ আগত মন্তব্য কৰি জিলাখনৰ আৰক্ষী অধীক্ষক মিশ্ৰই কয় যে আমি পূৰ্বতে বিষয়া দুজনৰ বিৰুদ্ধে দুৰ্নীতিত লিপ্ত থকাৰ একাধিক অভিযােগ পাইছিলােঁ।

সেইমৰ্মে শীৰ্ষ আৰক্ষী বিষয়াসকলক এই বিষয়ে অৱগত কৰা হৈছিল তথা উৰ্ধতন বিষয়াৰ নিৰ্দেশতে এই অভিযান চলােৱা হৈছিল।

তেওঁ অৱশ্যে আজিৰ ঘটনাৰ বিষয়ে সবিশেষ তথ্য প্ৰদানৰ পৰা বিৰত থাকে।