উৎকোচ লৈ দুর্নীতি নিবাৰক শাখাৰ জালত মৰিগাওঁ সদৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শক!

উৎকোচ লৈ দুর্নীতি নিবাৰক শাখাৰ জালত মৰিগাওঁ সদৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শক!

October 20, 2020 0 By NEWS DESK

উৎকোচ লৈ দুর্নীতি নিবাৰক শাখাৰ জালত মৰিগাওঁ সদৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শক।

উৎকোচ গ্ৰহণ কৰি সোমবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ তদন্তকাৰী দলৰ হাতত হাতে-লোটে ধৰা পৰিল মৰিগাঁও সদৰ থানাৰ এ এছ আই পংকজ বৰা।

ঘটনা অনুসৰি, এক গোচৰৰ বাবে পংকজ বৰাই মহিলা এগৰাকীৰ পৰা ধন দাবী কৰিছিল।

এগৰাকী মহিলা নিৰুদ্দেশ হৈ আছিল সেই সন্দৰ্ভত পৰিয়ালে এজাহাৰ দাখিল কৰিছিল।কিন্ত নিৰুদ্দেশ হৈ থকা মহিলা গৰাকীৰ বিচাৰৰ নামত ১০ হেজাৰ টকা দাবী কৰি আহিছিল ।

এই সন্দৰ্ভত ভুক্তভোগী পৰিয়াল টোৱে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাত জনোৱাত সোমবাৰে নগদ ৪ হেজাৰ টকা লওঁতে হাতে লোতে ধৰে।

বৰ্তমান অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ জেৰা অব্যাহত ৰাখিছে।