উৰণীয়া সেঁতুৰ ৰেলিং ভাঙি নলাত সোমাল চাৰিচকীয়া বাহন !

উৰণীয়া সেঁতুৰ ৰেলিং ভাঙি নলাত সোমাল চাৰিচকীয়া বাহন !

August 30, 2020 0 By NEWS DESK

মহানগৰীত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰেলিং ভাঙি নলাত সোমাল চাৰিচকীয়া বাহন।

গুৱাহাটী ক্লাবৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো।

সেঁতুখনত তীব্ৰবেগত আহি ৰেলিঙত খুন্দা মাৰি তলত বাগৰি পৰে বাহনখন।

দুৰ্ঘটনাগ্ৰস্ত মাৰুটী ছুইফটখনৰ নম্বৰ এএছ ০১ বি এম ৩০৩২।

বাহনখনত দুজন লোক থকা বুলি প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰিছে।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক।

আৰক্ষীয়ে ইতিমধ্যে আহত লোক দুজনক GMCHলৈ প্ৰেৰণ কৰে।