Site icon NEWS8 NE

উৰন্ত বিমানত হাৰ্ট এটেকত আক্ৰান্ত বাংলাদেশৰ পাইলটৰ ভাৰতত মৃত্যু

নিউজ ডেস্ক। অৱশেষত মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে বিমান বাংলাদেশ এয়াৰলাইনছৰ পাইলট কেপ্টেইন নৌছাদ আতাউল কায়ুমে।

উল্লেখ্য যে যোৱা ২৭ আগষ্টত মাস্কটৰ পৰা বাংলাদেশৰ ঢাকা অভিমুখী বিমান বাংলাদেশ এয়াৰলাইনছৰ এখন বিমানৰ জৰুৰী অৱতৰণ হৈছিল মহাৰাষ্ট্ৰৰ নাগপুৰত।

বিমানৰ পাইলট হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবেই কৰিবলগীয়া হৈছিল জৰুৰী অৱতৰণ। ইয়াৰ পিছতেই পাইলটজনক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।

আৰু ৩০ আগষ্টত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় পাইলটজনৰ।

বিমান বাংলাদেশৰ মুখপাত্ৰ তাহেৰা খান্দেকাৰে জনোৱা অনুসৰি, “পাইলটজনৰ মাজ আকাশত হৃদৰোগত আক্ৰান্ত হৈছিল আৰু তেওঁক নাগপুৰৰ কিংছৱে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। য’ত সোমবাৰে তেওঁৰ মৃত্যু হয়। আমি চিকিৎসালয়ৰ পৰা তথ্য লাভ কৰিছো যে তেওঁ এতিয়া আমাৰ মাজত নাই।”

চিকিৎসালয়ৰ মতে, কেপ্টেইন নৌছাদে প্ৰথমতে বিমানখন চলাই থাকোঁতে হৃদৰোগত আক্ৰান্ত হৈছিল আৰু পিছত চিটি স্কেনৰ পৰা গম পোৱা যায় যে তেওঁৰ মস্তিষ্কৰ ৰক্তক্ষৰণ হৈছিল। পাইলটজন হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত ক’মালৈ গৈছিল।

উল্লেখ্য যে বিমান বাংলাদেশৰ বিমানখনে ২৭ আগষ্ট, শুক্ৰবাৰে নাগপুৰৰ ড° বাবাচাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিছিল।

পাইলটজনৰ মাজ আকাশত হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে কৰোৱা হৈছিল জৰুৰী অৱতৰণ। কেপ্টেইন নৌছাদে বিমান এয়াৰ বিজি-০২২ উৰুৱাই মাস্কটৰ পৰা ঢাকালৈ গৈ আছিল।

১২৬ জন যাত্ৰী কঢ়িয়াই নিছিল তেওঁ। তেতিয়া বিমান কৰ্তৃপক্ষই নাগপুৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰোলাৰৰ সৈতে যোগাযোগ কৰিছিল আৰু জনাইছিল যে এজন পাইলট গুৰুতৰভাৱে হৃদৰোগত আক্ৰান্ত হৈছে আৰু তেওঁক তাৎক্ষণিক চিকিৎসা সহায়ৰ প্ৰয়োজন।

ইয়াৰ পিছতেই বিমানবন্দৰত অপেক্ষা কৰি থকা এখন এম্বুলেন্সে তেওঁক নাগপুৰ বিমানবন্দৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত অৱস্থিত কিংছৱে চিকিৎসালয়লৈ লৈ যায়। য’ত তেওঁৰ এঞ্জিওগ্ৰাম পৰীক্ষা কৰা হৈছিল।

যাত্ৰীসকলক পিছত আন পাইলট আহি শুক্ৰবাৰে নিশা ঢাকালৈ লৈ গৈছিল।

Exit mobile version