‘এইখনি গাঁও বুকুৰ আপোন’…দ্বীপেন বৰুৱাৰ কালজয়ী গীত শুনি লাডাখত কিৰেণ ৰিজিজু !

‘এইখনি গাঁও বুকুৰ আপোন’…দ্বীপেন বৰুৱাৰ কালজয়ী গীত শুনি লাডাখত কিৰেণ ৰিজিজু !

October 15, 2020 0 By NEWS DESK

এই খনি গাঁও বুকুৰ আপোন…………..

অসমৰ প্ৰাণৰ শিল্পী দ্বীপেন বৰুৱাৰ কালজয়ী গীত শুনি লাডখত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু।

লাডাখৰ লেহত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক (স্বতন্ত্ৰ ) মন্ত্ৰী তথা অৰুনাচলৰ সাংসদ কিৰেন ৰিজিজু।

নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনটোত ৰিজিজুৱে প্ৰকৃতিৰ ৰম্যভূমী লাডাখৰ সৌন্দয্যৰ মাজত দীপন বৰুৱাৰ কালজয়ী গীত ‘এইখনি গাওঁ বুকুৰ আপোন’ গীতটো শুনি থকা এটি ভিডিঅ’ তেওঁ নিজেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

ৰিজিজুয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে যে, ‘লাডাখৰ লেহত কৰা শেষ দিনটোৰ নিৰ্বাচনী প্ৰচাৰ। আমাৰ মৰমৰ শিল্পী দিপেনদাৰ কণ্ঠৰ ‘এইখনি গাঁও..’-ৰ সুৰীয়া কণ্ঠই লাডাখৰ অনিৰ্বাচনীয় সোন্দৰ্য্যত একেকাৰ হৈ যোৱা এক স্বৰ্গীয় মূৰ্হুত।’