এইবাৰ অটােৰিক্সা ভাড়াত দিব UBER-এ, ভাৰতত আৰম্ভ কৰিলে অটাে ৰেণ্টেল সেৱা!

এইবাৰ অটােৰিক্সা ভাড়াত দিব UBER-এ, ভাৰতত আৰম্ভ কৰিলে অটাে ৰেণ্টেল সেৱা!

August 27, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স। বিলাসী বাহন নহয়, এইবাৰ অটােৰিক্সা ভাড়াত দিব UBER-এ।

OLAৰ পাছত এইবাৰ ভাৰতত UBER -এ আৰম্ভ কৰিলে অটো ৰেণ্টেল সেৱা।

এই নতুন সেৱাৰ অধীনত যাত্ৰীয়ে কেইবাঘণ্টাৰ বাবে এখন অটোৰিক্সা ভাৰালৈ ল’ব পাৰিব।

যাত্ৰাৰ সময়ছোৱাত যাত্ৰীয়ে কোনো স্থানত ৰ’বও পাৰিব।

এখন অটােৰিক্সা ভাড়াত নিলে সৰ্বাধিক ৮ ঘণ্টাৰ ব্যৱহাৰ কৰিব পাৰিব যাত্ৰীয়ে।

ইয়াৰ বাবে উবেৰে আগবঢ়াইছে বিভিন্ন পেকেজ।

দৈনিক ২৪ ঘণ্টাই উপলব্ধ থাকিব উবেৰৰ অটােৰিক্সাৰ সুবিধা।

দেশৰ সৰ্বপ্ৰথমে মুম্বাইত উবেৰে আৰম্ভ কৰিছে এই সেৱা।

ইয়াৰ লগে লগে বেংগালুৰু, দিল্লী, এন চি আৰ, হায়দৰাবাদ, চেন্নাই আৰু পুণেতো আৰম্ভ হৈছে উবেৰৰ অটো ৰেণ্টেল সেৱা।