Site icon NEWS8 NE

এইবাৰ কংগ্ৰেছৰ সংগ এৰিলে প্ৰাক্তন সাংসদ সুস্মিতা দেবে

নিউজ ডেস্ক। অসমত পুনৰ এক মােক্ষম আঘাতৰ সন্মুখীন হ’ল কংগ্ৰেছ দল।

একাধিক নিৰ্বাচিত দলীয় বিধায়কৰ দলত্যাগৰ পাছতে এইবাৰ কংগ্ৰেছ দল ত্যাগ কৰিলে বৰাকৰ শক্তিশালী কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন সাংসদ সুস্মিতা দেবে।

১৫ আগষ্টৰ দিনাই দলৰ হাইকামাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ।

ইয়াৰ পিছতে নিজৰ টুইটাৰ প্ৰ’ফাইলত নিজকে প্ৰাক্তন সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ প্ৰাক্তন সদস্য বুলি উল্লেখ কৰিছে সুস্মতাই।

উল্লেখ্য যে সুস্মিতা দেব বৰাকৰ এসময়ত মহাপ্ৰতাপী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত সন্তােষ মােহন দেবৰ জীয়ৰী।

Exit mobile version