এইবাৰ কেৱল মহিলাৰ দ্বাৰা গঠন হ’ল নতুন আঞ্চলিক ৰাজনৈতিক দল!

এইবাৰ কেৱল মহিলাৰ দ্বাৰা গঠন হ’ল নতুন আঞ্চলিক ৰাজনৈতিক দল!

October 19, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচৰ দিন চমূ চপাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত।

গঠন হৈছে ইটোৰ পিছত সিটো নতুন আঞ্চলিক ৰাজনৈতিক দল।

‘অসম জাতীয় মঞ্চ’, ‘ৰাইজৰ দল’, ‘অসম গণ মঞ্চ’ আদিৰ পিছতে এইবাৰ পুনৰ গঠন হ’ল আন এটা নতুন আঞ্চলিক ৰাজনৈতিক দল।

‘খিলঞ্জীয়া ঐক্যমঞ্চ’ নামেৰে জন্ম হ’ল নতুন এটা দলৰ।

হোজাইত গঠন কৰা হৈছে এই নতুন আঞ্চলিক দলটো।

কিন্তু এই দলটো কিছু পৃথক।

উল্লেখ্য যে, কেৱল মহিলাৰ দ্বাৰা গঠন কৰা হৈছে দলটো।

ইতিমধ্যে আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰিব বুলিও ৰাজনৈতিক দলটোৰ নেতৃত্বই ঘোষণা কৰিছে।

এগৰাকী সদ্য পদত্যাগী কংগ্ৰেছ নেত্ৰীয়ে এই দলটোত নেতৃত্ব লোৱা বুলি জানিব পৰা গৈছে।