এইবাৰ দুৰ্গা পূজাত থাকিবনে পূৰ্বৰ জাকজমকতা ? কি কি নিয়ম মানিব লাগিব ?

এইবাৰ দুৰ্গা পূজাত থাকিবনে পূৰ্বৰ জাকজমকতা ? কি কি নিয়ম মানিব লাগিব ?

September 3, 2020 0 By NEWS DESK

এইবাৰ কেনেদৰে উদযাপন কৰা হ’ব শাৰদীয় দুৰ্গাপূজা?

যাৰ বাবে এতিয়া সকলোতে চলিছে চৰ্চা। কৰ’ণা কেন্দ্ৰীক পৰিস্থিতিৰ মাজত এইবাৰ দুৰ্গা পূজা অনুষ্ঠিত হ’বনে নাই তাকেলৈ উত্থাপন হৈছে প্ৰশ্নৰ।

কিন্তু পূৰ্বৰ দৰে জাক জমকতা নাথাকিব এইবাৰ পূজাত।

Durga Puja Festival - Importance of Street Food & Attire in Durga Puja

এইবাৰ একেবাৰে অনুষ্টুপীয়াকৈ দুৰ্গা পূজা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পূজা কমিটীসমূহে।

বুধবাৰে গুৱাহাটী জিলা প্ৰশাসন আৰু আৰক্ষী উচ্চ পদস্থ বিষয়াৰ সৈতে পূজা কমিটীৰ বিষয়-ববীয়াসকল এখন বৈঠকত মিলিত হয়।

বৈঠকত ২০০ৰো অধিক পূজা সমিতিৰ মতামত গ্ৰহণ কৰে জিলা প্ৰশাসনে।

আৰু বৈঠকত লোৱা সিদ্ধান্ত সমূহ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰাৰো সিদ্ধান্ত লয়।

Durga Puja Festival 2020, India | Travel Begins at 40

চৰকাৰৰ ফালৰ পৰা দিবলগীয়া নিৰ্দেশাৱলীক সন্মান জনাই আয়োজন কৰিব এইবাৰৰ দুৰ্গা পূজা।

কিন্তু পূজা কমিটিৰ অধিকাংশই এইবাৰ ঘট পূজা পালন কৰাৰ পোষকতা কৰিছে।

ইয়াৰ উপৰিও কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পূজা কমিটীসমূহে সাংস্কৃতিক সন্ধ্যা বাতিল কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

 বিশ্বকৰ্ম্মা পূজাৰ ক্ষেত্ৰতো মানি চলিব লাগিব নীতি নিৰ্দেশনা।

সকলো বিশ্বকৰ্ম্মা কমিটিয়ে বাতিল কৰিব সাংস্কৃতিক সন্ধিয়া।

সামাজিক দূৰত্ব মানি ৫০ জন লোকহে থাকিব লাগিব বিশ্বকৰ্মা পূজাত।

এতিয়া মাথো অপেক্ষা চৰকাৰৰ নিৰ্দেশনালৈ।