এইবাৰ হাজােত সত্যৰঞ্জন বৰাৰ আগমনকলৈ উত্তপ্ত পৰিস্থিতি

এইবাৰ হাজােত সত্যৰঞ্জন বৰাৰ আগমনকলৈ উত্তপ্ত পৰিস্থিতি

September 6, 2020 0 By NEWS DESK

বিতৰ্কিত বিজেপি নেতা সত্যৰঞ্জন বৰাক কেন্দ্ৰ কৰি উত্তপ্ত কামৰূপ জিলাৰ হাজাে।

হাজােত ধৰ্মীয় স্থান দৰ্শনৰ বাবে আজি উপস্থিত হৈছিল বৰা।

বৰাৰ আগমনৰ খবৰ লাভ কৰি একাংশ লােকে প্ৰতিবাদ সাব্যস্ত কৰে।

হাজােত সত্যৰঞ্জন বৰা

আনকি বৰাৰ ব্যক্তিগত বাহন অৱৰােধ কৰিবলৈ চেষ্টা চলায়।

একে সময়তে বৰাৰ সমৰ্থনতাে বহু বিজেপি সমৰ্থকে শ্ল’গান দিয়ে।

একাংশ লােকে আনকি থানাৰ সন্মুখত তথা ৰাজপথত বহিও প্ৰতিবাদ সাব্যস্ত কৰে।

আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আঁতৰাবলৈ যােৱাত এক খণ্ডযুদ্ধ হয়।

উল্লেখ্য যে হাজোত দুখন সভাত অংশ লৈ মাধৱ মন্দিৰ ভ্ৰমণ কৰিব গৈ থকা সময়ত এই পৰিস্থিতিৰ সৃষ্টি হয়।

এই ঘটনাক কেন্দ্ৰ কৰি বহু সময় ধৰি বন্ধ হৈ পৰে হাজোৰ পথ।