Site icon NEWS8 NE

একাধিক কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ

নিউজ ডেস্ক। এআইইউডিএফ প্ৰধান তথা ধুবুৰী লােকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰি জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতক সাক্ষাৎ কৰে।

বুধবাৰে দিল্লীত গৃহমন্ত্ৰীক সাক্ষাৎ কৰে আজমলে। তেওঁক সংগ দিয়ে সোনাই সমষ্টিৰ এআইইউডিএফ বিধায়ক কৰিম উদ্দিন বৰভূঞাই।

এই সন্দৰ্ভত টুইটাৰত আজমলে কয়, “আজি মই শেহতীয়া অসম-মিজোৰাম সীমা বিবাদ সম্পৰ্কত সোনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লগ কৰো। আমি ব্ৰিটিছৰ সময়ৰ পৰা অসম-মিজোৰাম সীমাৰ ঐতিহাসিক পটভূমি বিৱৰণ দি এখন স্মাৰক পত্ৰ প্ৰদান কৰো। আৰু কেনেকৈ মিজো লোকে অসমৰ ভূমি দখল কৰি আহিছে সেই বিষয়ে উল্লেখ কৰো।”

তেওঁ লগতে কয় যে, “আমি দাবী জনাইছো যে এই বিবাদ নিষ্পত্তিৰ বাবে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰে। আৰু মিজো প্ৰশাসনক শান্তি বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিয়ে। অসমৰ ৬ জন অসম আৰক্ষীৰ জোৱান নিহত হোৱাৰ ঠাইত মিজো দিশৰ পৰা কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় বুলি তেওঁ নিশ্চিতি দিয়ে।”

ইপিনে, বৃহস্পতিবাৰে আজমলৰ নেতৃত্বৰ AIUDF দলৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতক সাক্ষাৎ কৰে।

মূলতঃ ধুবুৰী লােকসভা সমষ্টিৰ এলেকাত প্ৰতিবছৰে বৰলুইতৰ বান-গৰাখহনীয়াই সৃষ্টি কৰা ধ্বংসলীলাৰ কথা সম্পৰ্কে তথ্য দাঙি ধৰি এই সমস্যাৰ স্থায়ী সমাধানকল্পে বিভিন্ন পৰামৰ্শ আগবঢ়ায় সাংসদ আজমলে।

Exit mobile version