NEWS8 NE

একােছা বনেৰে ভীষণ বন জুই নিৰ্বাপনৰ চেষ্টা এগৰাকী বন মন্ত্ৰীৰ! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। Lights, Camera, Action! যেন কােনাে চিনেমাৰ শ্বুটিং চলিছে।

উল্লেখ্য যে বিগত কিছুদিনৰ পৰা বনজুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা উত্তৰাখণ্ডত বনজুই নিৰ্বাপনৰ ব্যৰ্থ হৈছে চৰকাৰ।

কিন্তু বনজুই নিৰ্বাপনৰ নামত ৰাজ্যখনৰ বনমন্ত্ৰী সংঘটিত কৰা কাণ্ডক লৈ লােকপাৰ লাগিছে ছ’চিয়েল মিডিয়াত।

বনমন্ত্ৰীয়ে দলে-বলে এটা বনাঞ্চলত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলােৱাৰ সময়তে ৰেকৰ্ড কৰা এটা বিশেষ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

৩০ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা অনুসৰি, উত্তৰাখণ্ডৰ বনমন্ত্ৰী হৰক সিং ৰাৱাতে বিভাগৰ কৰ্মচাৰীক লগত লৈ হাতত একােছা বন লৈ তেওঁ জুই নিৰ্বাপনৰ চেষ্টা কৰিছে। বন মন্ত্ৰীজনে সোমবাৰৰ দিনা পাউৰী জিলাত গৈ এনে কাৰ্য কৰে।

একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই কাণ্ডক নিজৰ ব্যৰ্থতা ঢাকিবলৈ মন্ত্ৰীগৰাকীয়ে ভাওনা কৰা বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে যোৱা ৬ মাহত উত্তৰাখণ্ডত ১০০০ টা বন জুইৰ ঘটনা সংঘটিত হয়।

দেওবাৰেই সংঘটিত হয় ৪৫ টা ঘটনা। এই দুৰ্যোগৰ সৈতে মােকাবিলা কৰাৰ বাবে মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাতে বিভাগীয় কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ সৈতে মিলিত হৈছে জৰুৰী বৈঠকত।

ইয়াৰোপৰি তেওঁ এই ক্ষেত্ৰত কেন্দ্ৰ আৰু NDRF ৰ সহযোগিতা বিচাৰিছে।

যোৱা জানুৱাৰীৰ পৰা উত্তৰাখণ্ড, হিমাচল প্ৰদেশৰ কুলো উপত্যকা, নাগালেণ্ড-মণিপুৰ সীমান্তৰ জকৌ উপত্যকাত সংঘটিত হৈছে বহু কেইটা বন জুইৰ ঘটনা।

বন বিভাগে জনোৱা অনুসৰি, মানুহৰ কিছু কাৰ্যকলাপৰ বাবেই এই ঘটনা সংঘটিত হৈছে।

লগতে চাওকঃ

গাড়ী এখন “ৰাজহুৱা স্থান”! অকলে গাড়ী চলালেও মাস্ক পৰিধান অপৰিহাৰ্য: উচ্চ ন্যায়ালয়

Exit mobile version