
একেলগে সন্ধানহীন ২ বান্ধৱী! দুই পৰিয়ালত হাহাকাৰ…
July 1, 2022নিউজ ডেস্ক। একেখন বিদ্যালয়ত অধ্যয়ন কৰা দুই বান্ধৱী সন্ধানহীন।
যোৱা ২৭ জুনৰ পৰা নিৰুদ্দেশ হৈ আছে তিনিচুকীয়াৰ বৰবড়ী নিবাসী পুস্পা চেতিয়াৰ কন্যা পাপৰি চেতিয়া আৰু শুকানপুখুৰী মাকুমৰ মানসী বাইলুং শইকীয়াৰ কন্যা নিকী বাইলুং।
দুয়োগৰাকী ছাত্ৰী পৰ্বতীয়া স্থিত আদৰ্শ বালিকা বিদ্যালয়ৰ ছাত্ৰী আছিল।
২৭ জুনৰ দিনা দুপৰীয়া মানসী বাইলুং শইকীয়াৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা দুইগৰাকী ছাত্ৰী নিৰুদ্দেশ হৈ আছে।

ঘৰৰ পৰা ওলাই যোৱা সময়ত তেওঁলোক দুয়োজনীয়ে মোবাইল ফোন কেইটা ঘৰতে থৈ যোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।
এই নিৰুদ্দেশ সম্পৰ্কে ছাত্ৰী দুগৰাকীয়ে এখন পত্ৰ যোগে তেওঁলোকক বিচাৰি নাযাবলৈ উল্লেখ কৰি গৈছে।

ছাত্ৰী দুগৰাকীৰ এনে তাৎক্ষণিক কৰ্মই বিপাঙত পেলাইছে দুয়োটা পৰিয়ালৰ লোকক ।
ইতিমধ্যে পৰিয়ালৰ আৰক্ষীৰ কাষ চাপি এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
কোনো সদাশয় লোকে ছাত্ৰী দুগৰাকীৰ সন্ধান লাভ কৰে তেন্তে ৯৯৫৭১২১২৮৯ নম্বৰত যোগাযোগ কৰি পৰিয়ালৰ লোকক অৱগত কৰিবলৈ আহ্বান জনাইছে ।
লগতে চাওকঃ

[…] […]