এক আৱেগিক মুহূৰ্ত! ৫ বছৰৰ পাছত নিৰুদ্দিষ্ট পুত্ৰৰ সৈতে মিলন ঘটিল মাতৃৰ

এক আৱেগিক মুহূৰ্ত! ৫ বছৰৰ পাছত নিৰুদ্দিষ্ট পুত্ৰৰ সৈতে মিলন ঘটিল মাতৃৰ

October 11, 2020 0 By NEWS DESK

গুৱাহাটী। এক আৱেগ বিহ্বল মুহূৰ্ত! সুদীৰ্ঘ ৫ বছৰৰ অন্তত নিজৰ নিৰুদ্দিষ্ট সন্তানৰ সৈতে মহামিলন ঘটিল মাতৃৰ।

২੦১৫ ইং চনৰ ২৪ জুলাইত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ (এলাহবাদ)ৰ পৰা নিখােজ হৈছিল এটি ৮ বছৰীয়া শিশু।

সেই শিশুটি ২੦১৫ চনৰ ৩੦ জুলাইত বঙাইগাঁও ৰেল ষ্টেশ্যনৰ পৰা উদ্ধাৰ কৰে ৰে’ল আৰক্ষীয়ে।

পাছত অসুস্থ অৱস্থাত থকা এই শিশুটি দুমাহ গােৱালপাৰা জিলা শিশু সুৰক্ষা সমিতিৰ তত্বাৱধানত থকাৰ পাছত গুৱাহাটীৰ কাহিলিপাৰা স্থিত ডেষ্টিনেশ্যন হােমলৈ স্থানান্তৰণ কৰা হয়।

এই সন্দৰ্ভত অসম আৰক্ষীৰ চিআইডিয়ে ভাৰতবৰ্ষৰ বিভিন্ন সংস্থাৰ লগত যােগাযােগ কৰাৰ ফলত ২੦১৯ চনৰ শেষৰফালে শিশুটিৰ প্ৰকৃত পৰিচয় উলিয়াবলৈ সক্ষম হয়।

চিআইডিয়ে শিশুটি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ ঘনশ্যাম চােনী আৰু ৰীতা চােনীৰ পুত্ৰ বুলি ডেষ্টিনেশ্যন হােমক অৱগত কৰে।

গােৱালপাৰা জিলা সমিতিয়ে লগে লগে এলাহাবাদ শিশু সুৰক্ষা সমিতিৰ সৈতে যােগাযােগ কৰি পৰিয়ালটােৰ সৈতে গােৱালপাৰালৈ আহিবলৈ আহ্বান জনােৱাত পৰিয়ালটাে ৭ অক্টােবৰত গােৱালপাৰাত উপস্থিত হয়।

পাছত গােৱালপাৰা জিলা সমিতিৰ সদস্য দিবাকৰ শৰ্মাই সকলাে নথি-পত্ৰ চাই মাতৃ তথা পৰিয়ালটােৰ সকলাে সদস্যক লগত লৈ গুৱাহাটীৰ ডেষ্টিনেশ্যন হােমত উপস্থিত হয়।

মাতৃৰ সৈতে শিশুটি

ডেষ্টিনেশ্যন হােম কৰ্তৃপক্ষই সকলাে বিভাগীয় নীতি-নিয়মৰ পালন কৰি শিশুট পৰিয়ালৰ লােকক গতাই দিয়ে।

৫ বছৰ অন্তত নিজৰ শিশুটিক দেখা পাই মাতৃ হৃদয় উচুপি উঠে।

এই ভিডিঅ’ টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰে তেলেংগানা আৰক্ষীয়ে। মুহূৰ্ততে টুইটাৰত ভাইৰেল হৈ পৰিলে এই ভিডিঅ’টাে।