Site icon NEWS8 NE

এক পেগ মদ খাই শুই যাবলৈ দিব পুৰুষ সকলক! মহিলালৈ আজব পৰামৰ্শ এগৰাকী মহিলা মন্ত্ৰীৰ

নিউজ ডেস্ক। মহিলাসকলৰ উদ্দেশ্যে আজব পৰামৰ্শ ছত্তীশগড়ৰ এগৰাকী মন্ত্ৰীৰ।

তেওঁ মহিলা সকলক পৰামৰ্শ দি কয় যে, “ঘৰৰ পুৰুষ সদস্যক এক পেগ মদ খাই শুই যাবলৈ দিব।”

এই মন্তব্য আগবঢ়াইছে ৰাজ্যখনৰ নাৰী তথা শিশু কল্যাণ মন্ত্ৰী অনিলা ভেণ্ডিয়াই। তেওঁৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে ৰাজ্যৰ লগতে সমগ্ৰ দেশত।

ৰাজনৈতিক মহলৰ মতে, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলৰ মন্ত্ৰীসভাৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য হৈ এনে মন্তব্য কৰি দলৰ ভাবমূর্তি বিনষ্ট কৰিছে মন্ত্ৰী গৰাকীয়ে।

এফালে যি সময়ত ছত্তীশগড়ৰ কংগ্ৰেছ চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ চেষ্টা কৰিছে আৰু ৰাজ্যখনত সুৰাৰ প্ৰতি আসক্ত হ্ৰাস তথা বন্ধ কৰিবলৈ সকলোকে আহ্বান জনাইছে, ঠিক সেই সময়তে এগৰাকী মন্ত্ৰীৰ এনে মন্তব্যই অস্বস্তিত পেলাইছে শাসকীয় দলটোক।

অৱশ্যে বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পিছতেই সুৰ সলাইছে মন্ত্ৰী গৰাকীয়ে। তেওঁৰ মন্তব্যক ভুল বাখ্যা কৰা হৈছে বুলি দাবী কৰে অনিলা ভেণ্ডিয়াই।

উল্লেখ্য যে দুবাৰৰ বিধায়ক অনিলা ভেণ্ডিয়াই বুধবাৰে নিজৰ বিধানসভা সমষ্টি পৰ্যবেক্ষণৰ বাবে গৈছিল। সেই সময়তে তেওঁ সিঞ্চোলা গাঁৱলৈ যোৱাৰ সময়ত গাঁওখনৰ মহিলাসকলে তেওঁক আপত্তি কৰি কৈছিল যে গাঁৱৰ পুৰুষ সকলৰ সুৰাৰ প্ৰতি আসক্তি দিনে দিনে বৃদ্ধি পাইছে।

বিশেষকৈ চৰকাৰে গাঁৱৰ লোকক নিজে প্ৰস্তুত কৰা সুৰা পান কৰাৰ অনুমতি দিয়াৰ পিছতেই এই সমস্যা বৃদ্ধি পাইছে। সেই অভিযোগৰ প্ৰসংগত উক্ত মন্তব্য কৰিছিল অনিলা ভেণ্ডিয়াই। আৰু তেওঁৰ সেই মন্তব্যই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰে।

পৰৱৰ্তী সময়ত আত্মপক্ষ সমর্থন কৰি মন্ত্রী গৰাকীয়ে কয়, তেওঁৰ মন্তব্যৰ ভুল বাখ্যা হৈছে। তেওঁ কয়, “মই সেইসকল পুৰুষৰ কথা কৈছিলো, যি সুৰা আসক্ত। মই তেওঁলোকক কব বিচাৰিছিলো যে তেওঁলোকে মদ কমকৈ পান কৰক। এনে ঘৰত মহিলা সকলে ঘৰৰ কাম আৰু শিশু সকলক চম্ভালোতে যথেষ্ট মানসিক চাপৰ সন্মুখীন হয়। মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিলো যে মদৰ আসক্তি অত্যন্ত বেয়া আৰু ইয়াৰ পৰা আঁতৰি অহা উচিত।”

তেওঁ লগতে কয় যে, তেওঁ পুৰুষৰ মদ্যপানৰ আসক্তি প্ৰসংগতহে সেই কথা কৈছিল। সেয়েহে তেওঁ পৰামৰ্শ দিছিল যে পুৰুষসকলে কম মদ খাই যেন শুই যায়। যাৰ দ্বাৰা গার্হস্থ্য হিংসা হ্ৰাস কৰাটো সম্ভৱ হ’ব।

তেওঁৰ মন্তব্যৰ বাবে সমালোচনা কৰিছে বিজেপিয়ে। বিজেপিৰ মতে এনে মন্ত্ৰী থাকিলে ৰাজ্যৰ জনতালৈ ভুল বাৰ্তা যাব আৰু জনতাৰ মদৰ প্ৰতি আসক্তি বাঢ়িব।

Exit mobile version