এক বিৰল মহাজাগতিক পৰিঘটনা ! আজি আকাশত ডাঙৰকৈ দেখা যাব মঙলগ্ৰহ…

এক বিৰল মহাজাগতিক পৰিঘটনা ! আজি আকাশত ডাঙৰকৈ দেখা যাব মঙলগ্ৰহ…

October 13, 2020 0 By NEWS DESK

আজি এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষি হ’ব পাৰিব আপুনি।

আজি জোনবাইৰ দৰে আকাশত ডাঙৰকৈ দৃশ্যমান হ’ব মঙলগ্ৰহ।

যি দৃশ্য পুনৰবাৰ প্ৰত্যক্ষ কৰিবলৈ অপেক্ষা কৰিব লাগিব ২০৩৫ চনলৈ।

উল্লেখ্য যে, ১৩ অক্টোবৰ অৰ্থাৎ আজি মঙলগ্ৰহ পৃথিৱীৰ নিকটতম স্থানত অৱস্থান কৰিব।

যাৰ ফলত ৰঙাগ্ৰহটো দৃশ্যমান হ’ব জোনবাইৰ দৰে ডাঙৰ ৰূপত।

Mars will be in ‘opposition’, directly opposite the Sun, making it shine along Earth’s horizon in the Northern Hemisphere.

ৰঙাগ্ৰহ মঙলে সূৰ্যৰ বিপৰীত দিশত অৱস্থান কৰাৰ লগতে পৃথিৱীয়ে মঙল আৰু সূৰ্যৰ মাজত পোনপটীয়াকৈ অৱস্থিত হ’ব।

মঙল আৰু পৃথিৱী একেটা শাৰীত অৱস্থান কৰাৰ বাবে আকাশত সূৰ্যাস্তৰ সময়ত ডাঙৰ ৰূপত দেখা যাব মঙল গ্ৰহক।

সেই সময়ত, গ্ৰহটো টেলিস্কোপেৰে চালে উজ্জ্বল আৰু স্পষ্ট আকৃতিত দেখা যাব।