এক শোকাৱহ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃ্ত্যুক সাৱটিলে এগৰাকী যুৱকে !

এক শোকাৱহ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃ্ত্যুক সাৱটিলে এগৰাকী যুৱকে !

October 10, 2020 0 By NEWS DESK

ধূপধৰাৰ খুটাৱাৰীত কৰুণ ঘটনা৷

বিদ্যুতস্পষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী যুৱকে।

মৃত যুৱকজন হৈছে খুটাবাৰী গাঁৱৰ মুকুট বৈশ্য(২৭)।

জানিব পৰা মতে এ এছ ২৫ এ চি নম্বৰৰ বাহনখনৰে মুকুট বৈশ্যয়ে ইটা কঢ়িয়াই নি থকা সময়তে ওলমি থকা এডাল তাঁৰ বাহনখনত লাগি ছিঙি যায়।

মুকুট বৈশ্যয়ে ছিঙি যোৱা তাঁৰদাল আঁতৰাই দিবৰ বাবে চেষ্টা কৰোতে বৈদ্যুতিক শ্বৰ্ট লাগে।

তাৰ পিছতেই ততাতৈয়াকৈ স্হানীয় লোকে ওচৰৰে হেকৰা ৰাজ্যিক চিকিৎসালয়লৈ মুকুটক নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে যুৱকজনক৷

ইয়াৰ পিছতে মুকুট বৈশ্যৰ বাসগৃহত উঠে কান্দোনৰ ৰোল।

হিয়াঢাকুৰি কান্দিছে পাঁচ মহীয়া অন্তঃসত্ত্বা পত্নীয়েও৷

উল্লেখ্য যে, আঠমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা মৃত মুকুট বৈশ্য।

অমায়িক মুকুট বৈশ্যৰ অকাল মৃত্যুৰ খৱৰৰ পাছতে অগণন স্হানীয় লোকে ভীৰ কৰে মৃত মুকুট বৈশ্যৰ বাসগৃহত।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত মৰণোত্তৰ পৰীক্ষাৰ বাবে চমজি লৈছে মৃতদেহ।