এতিয়াৰে পৰা ৪০ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত !

এতিয়াৰে পৰা ৪০ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত !

August 28, 2020 0 By NEWS DESK

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক।

বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সেই অনুসৰি, অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়কত অনুমোদন জনাইছে অসম চৰকাৰৰ কেবিনেটে। দৰং জিলাত অসম দক্ষতা বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব। ইয়াৰ বাবে মঙলদৈত প্ৰায় ১০০ বিঘা ভূমিত প্ৰায় ৯০০ কোটি টকা ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

স্বাধীনতা দিৱসৰ দিনা কৰা ঘোষণা অনুসৰি ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত বয়সৰ সীমা ৩৮বছৰৰ পৰা ৪০বছৰলৈ বৃদ্ধি কৰা হয়।

আনহাতে অসম ঐতিহ্য সুৰক্ষা আৰু সংৰক্ষণ বিধেয়কত অনুমোদন জনোৱা হৈছে। এই বিষয়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বৰ্তমানৰ আইনসমূহে সামৰি নোলোৱা ঐতিহ্য ক্ষেত্ৰসমূহক এই বিধেয়কৰ দ্বাৰা সামৰি লোৱা হ’ব।

কোভিড-১৯ৰ সেৱাত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা সাংবাদিক, হোম গাৰ্ড, কেজুৱেল কৰ্মচাৰীসকলক ৫০লাখ টকাৰ বীমাৰে সামৰি লোৱাৰ বিষয়ত অনুমোদন জনোৱা হয় বৈঠকত।

ৰাজ্যৰ নিৰ্বাচিত হিতাধিকাৰী পৰিয়ালসমূহলৈ প্ৰতিমাহে ৮৩০টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব খোজা অৰুণোদয় আচঁনিকত কেবেনেটৰ অনুমোদন।

লগতে মন্ত্ৰী পৰিষদৰ বৈঠকে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিধেয়ক (MSME Bill)ৰ সংশোধনীত অনুমোদন জনায়।