এতিয়াৰ পৰা নিজৰ ইচ্ছা অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বঢ়াব নোৱাৰিব মাছুল!

এতিয়াৰ পৰা নিজৰ ইচ্ছা অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বঢ়াব নোৱাৰিব মাছুল!

October 21, 2020 0 By NEWS DESK

ৰাজ্য চৰকাৰৰ এক সুদূৰ প্ৰসাৰী সিদ্ধান্ত।

ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাছুল।

চৰকাৰৰ নিৰ্দেশ মতেহে মাচুল ল’ব পাৰিব বিদ্যালয় সমূহে।

এই সন্দৰ্ভত শিক্ষা বিভাগে জাৰি কৰিছে স্পষ্ট নিৰ্দেশনা।

Assam government asks private schools to cut fees by 25% till reopening

সেই অনুসৰি, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বাৰ্ষিক মাছুল লব পাৰিব সৰ্বাধিক ২৭ হাজাৰ টকা।

ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বাৰ্ষিক মাছুল নিৰ্ধাৰণ কৰা হৈছে সৰ্বাধিক ৩২ হাজাৰ টকা।

একাদশ শ্ৰেণীত বিজ্ঞান শাখাত বাৰ্ষিক মাছুল হ’ব সৰ্বাধিক ৩৭,০০০ টকা।

আনহাতে কলা শাখাত বাৰ্ষিক মাছুল সৰ্বাধিক ৩২ হাজাৰ টকা।

Assam Govt to Regulate the Fee Structure of Private Schools - INSIDENE

বাণিজ্য শাখাৰ সৰ্বাধিক বাৰ্ষিক মাছুল হৈছে ৩৩ হাজাৰ টকা।

আৰু অন্যান্য বিভাগৰ বাবে ৩৫ হাজাৰ টকা নিৰ্ধাৰণ কৰা হৈছে।

 ২০২১-২২ বৰ্ষৰ বাবেহে এই বাৰ্ষিক মাছুল ধাৰ্য কৰা হৈছে।

নিৰ্দেশনা অনান্য কৰিলে বাতিল হ’ব অনুজ্ঞাপত্ৰ।