NEWS8 NE

এদিনৰ বাবে আৰক্ষী অধীক্ষক হ’ল অৰুণাচল প্ৰদেশৰ এগৰাকী ছাত্ৰী! অধীনস্থ থানাত দিলে Sudden Visit

নিউজ ডেস্ক। সোমবাৰে বিশ্বৰ লগতে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ আৰক্ষী বিভাগেয়ো জিৰ’ত ব্যতিক্ৰম ধৰণে উদযাপন কৰিলে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।

সেই অনুসৰি ছেইণ্ট ক্লেয়াৰেট কলেজৰ ছাত্ৰী টাগে টোনিয়াক অৰ্পন কৰা হ’ল এদিনৰ বাবে জিৰ’ আৰক্ষী অধীক্ষকৰ দায়িত্ব। নাৰী সৱলীকৰণক গুৰুত্ব দি এই কাৰ্য সম্পাদন কৰে বিভাগটােৱে।

টাগে টোনিয়া ছেইণ্ট ক্লেয়াৰেট কলেজৰ গণ সংযোগ বিভাগৰ ছাত্ৰী হোৱাৰ লগতে মহাবিদ্যালয়খনৰ শ্ৰেষ্ঠ ছাত্ৰী।

ছাত্ৰীগৰাকীয়ে জিৰ’ আৰক্ষী অধীক্ষক হৰ্ষ ইন্দোৰা, উপ আৰক্ষী অধীক্ষক তাচি দৰং আৰু অন্যান্য আৰক্ষী বিষয়া সকলৰ সৈতে মত বিনিময় কৰে।

জিলা আৰক্ষী বিভাগে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ এই অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে ছাত্ৰীগৰাকীয়ে। তেওঁ জিৰ’ আৰক্ষী থানালৈ এপাক মৰাৰ লগতে কৰ্মচাৰীসকলৰ কামৰো খতিয়ান লয়।

ইয়াৰোপৰি আৰক্ষী বিভাগে এক স্বাস্থ্য শিবিৰৰ আয়োজন কৰে। এই অনুষ্ঠানত কেইবাটাও বিভাগৰ চিকিৎসক উপস্থিত আছিল। এই অনুষ্ঠানত মহিলাৰ স্বাস্থ্য, নিৰাপত্তা সন্দৰ্ভত আলোচনা কৰা হয়। য’ত বহুতো আৰক্ষী, কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পত্নীয়ে অংশগ্ৰহণ কৰে।

লগতে চাওকঃ

৬ বছৰীয়া শিশুৰ সুললিত কন্ঠত অসমৰ জাতীয় সংগীত! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

এদিনৰ বাবে এখন ৰাজ্যৰ গৃহমন্ত্ৰী হ’ল এগৰাকী মহিলা কনিষ্টবল!

গুৱাহাটীৰ পদপথৰ সেতুত বিহু নাচিলে অভিনেত্ৰী দেবলীনাই! মূহুৰ্ততে ভাইৰেল হৈ পৰিল ভিডিঅ’

হেলমেটৰ বাবেই ৰক্ষা পৰিল এজন বাইক চালকৰ জীৱন! কেমেৰাত বন্দী হ’ল দুৰ্ঘটনাৰ দৃশ্য

Exit mobile version