Site icon NEWS8 NE

এন্ধাৰ জীৱন আলোকিত কৰাৰ চেষ্টা! সকলো প্ৰত্যাহ্বানক নেওচি এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত হ’ল গুৱাহাটীৰ দৃষ্টিহীন বিক্ৰম…

নিউজ ডেস্কঃ দুচকুৰে নেদেখিলেও পৃথিৱী জয়ৰ অলেক স্পৃহা আৰু উদ্যমে অৱশেষত নিজৰ লক্ষ্যত উপনীত কৰালে গুৱাহাটীৰ বিক্ৰমজ্যোতি দাসক।

মানসিক শক্তি আৰু অদম্য ইচ্ছাৰে তেওঁ অৱশেষত উপস্থিত হ’বলৈ সক্ষম হয় এভাৰেষ্টৰ বেছ কেম্পত।

উল্লেখ্য যে, গুৱাহাটীৰ জয়ানগৰৰ নিৱাসী বিক্ৰমজ্যোতি দাসে প্ৰায় দুটা মাহে চলোৱা প্ৰস্তুতিৰ অন্তত যোৱা ১৩ অক্টোবৰত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল।

প্ৰথমে তেওঁ কাঠমাণ্ডুত উপস্থিত হোৱাৰ পিছত তাৰ পৰা ছয়জনীয়া সতীৰ্থৰ সৈতে এভাৰেষ্টৰ বেছ কেম্প অভিমুখে ৰাওনা হৈ বৃহস্পতিবাৰে সফলতাৰে বেছ কেম্পত উপস্থিত হ’বলৈ সক্ষম হয়।

ধনবাদৰ ইণ্ডিয়ান স্কুল অব্ মাইনছৰ প্ৰাক্তন ছাত্ৰ, খনি অভিযন্তা বিক্রমে ২০১১ চনত কৰ্মক্ষেত্ৰত সংঘটিত এক দুর্ঘটনাত দুচকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল।

কিন্তু তাৰ পিছতো জীৱনৰ ওচৰত হাৰ মানিব নিবিচৰা বিক্ৰমে ন উদ্যমেৰে নিজৰ জীৱন যাত্ৰা আৰম্ভ কৰিছিল।

বৰ্তমান ভাৰতীয় ষ্টেট বেংকৰ ডিজিটেল লেনদেন শাখাৰ প্ৰবন্ধক হিচাপে কৰ্মৰত দুই সন্তানৰ পিতৃ বিক্ৰমজ্যোতি দাসে এভাৰেষ্টৰ বেছ কেম্পত উপনীত হোৱাৰ লক্ষ্যৰে বিগত দুটা মাহ ধৰি গুৱাহাটীৰ কেইবাখনো পাহাৰ আৰোহণ কৰি প্ৰস্তুতি চলাইছিল।

তেওঁৰ এই প্ৰস্তুতিত সম্পূৰ্ণ সমৰ্থন আগবঢ়াই আহিছে তেওঁৰ পত্নী মনালিছা দাসেও। চকুৰে নেদেখিলেও নিজৰ মানসিক শক্তিৰে জীৱনটো আলোকিত কৰাৰ চেষ্টা চলোৱা বিক্ৰমে বৃহস্পতিবাৰে বেছ কেম্পত উপস্থিত হোৱাৰ পিছত শুকুৰবাৰে তাৰ পৰা ওভতনি যাত্ৰা আৰম্ভ কৰে।

Exit mobile version