NEWS8 NE

এয়াই ভালপোৱা! পত্নীক ন্যায়াধীশ বনাবলৈ বেংকৰ চাকৰি ত্যাগ কৰিলে স্বামীয়ে, অৱশেষত লাভ কৰিলে ত্যাগৰ বিনিময়…

নিউজ ডেস্কঃ যি ভালপোৱাৰ বাবে সৰ্বস্ব ত্যাগ কৰিব পাৰি, তেনে ভালপোৱাক হয়তো ভাষাৰে বুজাবলৈ কঠিন। কিন্তু কৰ্মই পৰিস্ফুট কৰি তোলে অন্তৰৰ পৰা নিৰ্গত গভীৰ ভালপোৱা।

হাৰিয়ানাৰ ৰোহতকৰ নিৱাসী সুমিতেও অত্যাধিক ভালপায় তেওঁৰ পত্নী মঞ্জুলাক। আৰু সেইবাবেই পত্নীৰ সপোন পূৰণ কৰিবলৈ নিজৰ চাকৰি পৰ্যন্ত ত্যাগ কৰিবলৈ সক্ষম হৈছিল সুমিতে। অৱশেষত সেই ত্যাগৰ বিনিয়ম যেন লাভ কৰিলে সুমিতে। অলপতে ঘোষিত হোৱা উত্তৰ প্ৰদেশ উচ্চ ন্যায়িক সেৱাৰ পৰীক্ষাত ৰাজ্যখনৰ ভিৰতৰে শীৰ্ষস্থান লাভ কৰি নিজৰ সপোন সাৰ্থক কৰিবলৈ সক্ষম হয় সুমিতৰ পত্নী মঞ্জুলা ভলোতিয়াই।

উল্লেখ্য যে, মঞ্জুলা ভলোতিয়াৰ জন্ম হৈছিল ৰাজস্থানৰ জয়পুৰত। আজমেৰত স্কুলীয়া শিক্ষা সম্পন্ন কৰাৰ পিছত তেওঁ জয়পুৰৰ পৰা এলএলবি ডিগ্ৰী গ্ৰহণ কৰে। তাৰ পিছতে তেওঁ ব্ৰিটেইনৰ পৰা এমবিএ ডিগ্ৰী গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত দুবছৰ ধৰি এটা বিদেশী বেংকত চাকৰিও কৰে মঞ্জুলাই। সেই সময়তে তেওঁৰ কলেজীয়া দিনৰ বন্ধু হাৰিয়ানাৰ ৰোহতকৰ নিৱাসী সুমিতৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

বিয়াৰ পিছত দুই সন্তানৰ মাতৃত্ব লাভ কৰা মঞ্জুলাই সপোন দেখিছিল ন্যায়াধীশ হোৱাৰ। কিন্তু পাৰিবাৰিক দায়িত্বই হেঙাৰ সৃষ্টি কৰিছিল মঞ্জুলাৰ সপোনত। ইচ্ছা কৰিও তেওঁ অধ্যয়নত সময় দিব পৰা নাছিল। আৰু সেয়া দেখি স্বামীয়ে এক অনন্য সিদ্ধান্ত লয়।

সুমিতে নিজেই বেংকৰ চাকৰি ত্যাগ কৰি দুই সন্তানৰ সমস্ত দায়িত্ব গ্ৰহণ কৰি পত্নী মঞ্জুলাক সাংসাৰিক দায়িত্বৰ পৰা মুক্ত কৰি দিয়ে একমাত্ৰ ন্যায়িক সেৱা পৰীক্ষাৰ প্ৰস্তুতি চলাবৰ বাবে।

স্বামী সুমিতৰ এইখিনি সহায়েৰেই মঞ্জুলাই ন্যায়িক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ সক্ষম হয় আৰু উত্তৰ প্ৰদেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰে।

মঞ্জুলাৰ সফলতা আৰু সুমিতৰ ভালপোৱাৰ এতিয়া যথেষ্ট চৰ্চা হৈছে সামাজিক মাধ্যমত। যি সময়ত নাৰী কেৱল ঘৰৰ কামৰ বাবেহে বুলি একাংশই ভাৱি আহিছে, সেই সময়ত সুমিতৰ দৰে স্বামীয়ে পত্নীক সপোনৰ বাটলৈ নিজেই আগবঢ়াই নিয়াৰ এই কাহিনীয়ে মন চুইছে লাখ লাখ নেট ব্যৱহাৰকাৰীৰ।

Exit mobile version