ওদালগুৰিৰ মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্র !

ওদালগুৰিৰ মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্র !

August 14, 2020 0 By NEWS DESK

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণক অসম আৰক্ষীৰ বৃহৎ সফলতা ।

মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ ।

ত্রিপালেৰে বান্ধি পুতি ৰখা হৈছিল মাৰণাস্ত্রসমূহ ।

ওদালগুৰিৰ পৰা অসম আৰক্ষীয়ে উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ মাৰণাস্ত্রখিনি ।

মাৰণাস্ত্রসমূহৰ ভিতৰত আছে ক্ৰমে এ কে-৪৭ ৰাইফল দুটা, এ কে ৫৬ ৰাইফল ৫টা, এম-১৬ ৰাইফল দুটা, এয়াৰগান এটা, ৯ এম এম পিষ্টল ৭ টা, মেগজিন ২৩ টা ।

গ্রেনেড ১২ টা, বোমা ৫ টা, ৭.৬২ পিষ্টলৰ সক্রিয় গুলী ১৬৬ ৰাউণ্ড, থ্রী নট থ্রী ৰাইফলৰ সক্রিয় গুলী ৩০০ ৰাউণ্ড, ৭৯০ ৰাউণ্ড ৯ এম এম পিষ্টলৰ সক্রিয় গুলীসহ ২০ কিলোগ্রাম বিস্ফোৰক ।