কংগ্রেছত কোনো অনুশাসন নাই, কংগ্রেছ দলটো এতিয়া প্রাইভেট কোম্পানীত পৰিণত হৈছে !

কংগ্রেছত কোনো অনুশাসন নাই, কংগ্রেছ দলটো এতিয়া প্রাইভেট কোম্পানীত পৰিণত হৈছে !

October 11, 2020 0 By NEWS DESK

সদ্য বহিস্কৃত কংগ্ৰেছ বিধায়ক ৰাজদীপ গোৱালাৰ বিস্ফোৰক মন্তব্য।

বিজেপিত যোগদানৰ প্রস্তুতি চলোৱা বিধায়ক গোৱালাই শনিবাৰে মুকলিকৈ তীক্ষ্ণ সমালোচনা কৰে কংগ্রেছ নেতৃত্বক।

তেওঁ কয়- ‘কংগ্রেছত অনুশাসন বুলি কোনো কথা নাই৷ কংগ্রেছ দলটো এতিয়া এটা প্রাইভেট কোম্পানীত পৰিণত হৈছে৷ তেনে প্রাইভেট কোম্পানীৰ লগত জড়িত নথকাটোৱে ভাল৷’

বিধায়ক গোৱালাই লগতে কয় যে, যোৱা ৰাষ্ট্রপতি নির্বাচনত দলে হুইপ দিয়া সত্ত্বেও সাংসদ ৰাণী নৰহে কংগ্রেছ প্রার্থী মীৰা কুমাৰক ভোট নিদিলে৷ কিন্তু আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নহ’ল৷ যোৱা কিছু বছৰৰ পৰা কংগ্রেছে জনসাধাৰণৰ আস্থা হেৰুৱাইছে বুলিও তেওঁ মন্তব্য কৰে।