কংগ্ৰেছত যোগদান কৰিয়ে বাবু,অজয় আৰু নেকিবে লাভ কৰিলে সম্পাদকৰ দায়িত্ব !

কংগ্ৰেছত যোগদান কৰিয়ে বাবু,অজয় আৰু নেকিবে লাভ কৰিলে সম্পাদকৰ দায়িত্ব !

August 29, 2020 0 By NEWS DESK

কংগ্ৰেছত যোগদান কৰি তিনিদিন পিছতে দলৰ গধুৰ দায়িত্ব লাভ কৰিলে বাবু, অজয় আৰু নেকিবে।

অজয় ফুকনে লাভ কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্টৰ দায়িত্ব।

ইয়াৰোপৰি, কংগ্ৰেছত অজয় ফুকনৰ লগত একেলগে যোগদান কৰা গায়ক বাবু বৰুৱা আৰু নেকিবে লাভ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ দৰে দায়িত্ব।

বাবু আৰু নেকিবৰ লগতে অজয় ফুকনকো সম্পাদকৰ দায়িত্ব অৰ্পন কৰা হৈছে।

অজয় ফুকনৰ লগতে মনোৰঞ্জন কোঁৱৰ আৰু গিৰিন্দ্ৰ কলিতাই মুখপাত্ৰৰ পদ লাভ কৰিছে।

সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছে ৰূপেছ গোৱলা, ৰাজু চাহু, আৰু প্ৰাক্তন বিধায়ক দ্বীপেন পাঠক।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাৰ স্বাক্ষৰ সম্বলিত এখন জাননীযোগে এই কথা ৰাজহুৱা কৰা হয়।