কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি হিচাপে পদত্যাগ কৰিব পাৰে ছোনিয়া গান্ধীয়ে !

কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি হিচাপে পদত্যাগ কৰিব পাৰে ছোনিয়া গান্ধীয়ে !

August 24, 2020 0 By NEWS DESK

কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি হিচাপে পদত্যাগ কৰিব পাৰে ছোনিয়া গান্ধীয়ে।

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সলনিক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে এই প্ৰসংগই এতিয়া চৰ্চা লাভ কৰিছে।

খবৰ অনুসৰি কংগ্ৰেছৰ সম্পূৰ্ণ নেতৃত্বৰ পুনৰীক্ষণ বিচাৰি দলৰ কমেও ২৩গৰাকী নেতাই ছোনিয়া গান্ধীক পত্ৰ প্ৰেৰণ কৰাৰ পাছতে তেওঁ এই সিদ্ধান্ত লৈছে বুলি খবৰ ওলাইছে।

অৱশ্যে এই বিষয়ত সোমবাৰে হ’ব পাৰে এখন গুৰুত্বপূৰ্ণ বৈঠক।

এই বৈঠকতে তেওঁ সভাপতি হিচাপে দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ সম্ভাৱনাৰ কথা বিশেষ সূত্ৰৰ তথ্যৰ দাবী কৰি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমে।

পত্ৰখনত দলৰ প্ৰত্যেক স্তৰত নেতা বাচনিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাকে ধৰি বহুবিলাক সংস্কাৰ বিচৰা হৈছে।

অৱশ্যে কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ ৰণদীপ সূৰ্য্যেৱালাই এই বাতৰি অস্বীকাৰ কৰিছে।

উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল বেয়া হোৱাৰ পিছতে দলটোৰ সভাপতিৰ দায়িত্ব এৰিছিল ৰাহুল গান্ধীয়ে। তাৰ পিছতে ছোনিয়া গান্ধী কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি হৈ আছে।

এতিয়া দলটোৰ নতুন সভাপতি কোন হ’ব তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ।