কংগ্ৰেছৰ ক’ৰনা ভীতি! অসমলৈ অহা নাই প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত তত্বাৱধায়ক

কংগ্ৰেছৰ ক’ৰনা ভীতি! অসমলৈ অহা নাই প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত তত্বাৱধায়ক

October 12, 2020 0 By NEWS DESK

ভিডিঅ’ কনফাৰেন্সিঙতে চলিছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ আলােচনা!

গুৱাহাটী। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ যি সময়ত শাসকীয় বিজেপি দলে পূৰ্ণগতিত ৰাজনৈতিক কাৰ্যসূচী গ্ৰহণ কৰিছে, তেনে সময়তে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্ব লাভ কৰা জিতেন্দ্ৰ সিঙে এতিয়াও পদাৰ্পণ কৰা নাই প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত।

জিতেন্দ্ৰ সিঙৰ সৈতে ৰিপুন বৰা, নতুন দিল্লীত

উল্লেখ্য যে যােৱা ১১ চেপ্টেম্বৰত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই হৰিশ ৰাৱটক আঁতৰাই ৰাজস্থানৰ অলৱাৰৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয মন্ত্ৰী জিতেন্দ্ৰ সিঙক।

কিন্তু ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ অজুহাততে অসমলৈ আহি দলীয় নেতা-কৰ্মীসকলৰ মনৰ কথা বুজ লৈ আগন্তুক বিধানসভা নিৰ্বাচনত দলৰ ভাল ফলাফলৰ বাবে ৰণকৌশল ৰচনা কৰাৰ সলনি ভিডিঅ’ কনফাৰেন্সিঙহে এনে চৰ্চা অব্যাহত ৰাখিছে জিতেন্দ্ৰ সিঙে।

বিগত ৩੦ চেপ্টেম্বৰৰ পৰা অব্যাহত থকা এনে অনলাইন আলােচনাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে দলৰ উপ-সভাপতি, সাধাৰণ সম্পাদক, বিভাগ-কােষসমূহৰ মুৰব্বী, তত্বাৱধায়ক, জিলা কংগ্ৰেছৰ সভাপতি আদিৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙতে ধাৰাবাহিক আলােচনা অব্যাহত ৰাখিছে সিঙে।

প্ৰদেশ কংগ্ৰছৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে, চলিত মাহতে অসম ভ্ৰমণলৈ অহাৰ সম্ভৱনা আছে নতুন তত্বাধায়ক জিতেন্দ্ৰ সিঙে।