কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব কংগ্ৰেছ এজন বিধায়কে !

কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব কংগ্ৰেছ এজন বিধায়কে !

October 9, 2020 0 By NEWS DESK

শীঘ্ৰেই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব কংগ্ৰেছ এজন বিধায়কে।

কংগ্ৰেছৰ এই বিধায়কগৰাকী হ’ল লক্ষীপুৰৰ বিধায়ক ৰাজদ্বীপ গোৱালা।

দুই এদিনতে আনুষ্ঠানিকভাৱ বিজেপিত যোগ দিব কংগ্ৰেছৰ বিধায়কগৰাকীয়ে।

ইপিনে বিজেপিৰ সৈতে হলিগলি কৰাৰ বাবে ৯ অক্টোবৰ ২০২০ শুকুৰবাৰে কংগ্ৰেছ দলৰ বৰ্খাস্ত কৰা হয়।

কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ বিধায়ক ৰাজদীপ গোৱালাৰ লগতে বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰুমী নাথক কংগ্ৰেছৰ পৰা বৰ্খাস্ত কৰা হয়।

দলবিৰোধা কাৰ্যত লিপ্ত থকাৰ বাবে বহিষ্কাৰ কৰা হৈছে দুয়োগৰাকী নেতাক।

৬বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰাৰ কথা সদৰি কৰিছে কংগ্ৰেছে।

এক পত্ৰযোগে বহিষ্কাৰৰ কথা প্ৰকাশ কৰে সভাপতি ৰিপুণ বৰাই।

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সমিতিৰ পৰা বৰ্খাস্ত কৰা হয় দুয়োকে।

ইয়াৰ পাছতে বিধায়ক গোৱালাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব বুলিও বিজেপিৰ এক সূত্ৰত প্ৰকাশ পাইছে।