কংগ্ৰেছ চৰকাৰ আহিলে ‘কা’ আন্দোলনৰ সময়ত ৰুজু হোৱা সকলো গোচৰ এসপ্তাহত উঠাই লোৱা হ’বঃ ৰিপুণ বৰা

কংগ্ৰেছ চৰকাৰ আহিলে ‘কা’ আন্দোলনৰ সময়ত ৰুজু হোৱা সকলো গোচৰ এসপ্তাহত উঠাই লোৱা হ’বঃ ৰিপুণ বৰা

September 4, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ দিন চমূ চপাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত।

ইয়ৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কৰিছে এক তাৎপৰ্যপূৰ্ণ মন্তব্য।

ৰিপুন বৰাই কয়- ‘কংগ্ৰেছ চৰকাৰ আহিলে ‘কা’ আন্দোলনৰ সময়ত ৰুজু হোৱা সকলো গোচৰ এসপ্তাহত উঠাই লোৱা হ’ব।’

বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি সভাপতিগৰাকীয়ে কয়, ‘এসপ্তাহৰ ভিতৰত ‘কা’ আন্দোলনৰ সৈতে জড়িত যিমান গোচৰ আছে, সেই সকলোবোৰ গোচৰ আমি উঠাই ল’ম।’

ক’ভিডৰ সময়ত সকলো প্ৰকাৰৰ চিকিতসা বিনামূলীয়া কৰিবলৈও নেতাগৰাকীয়ে আহ্বান জনায়।

বৰাই কয়, ‘চৰকাৰ এতিয়া বিত্তীয় সংকটত ভুগিছে, সেইকাৰণে ক’ভিড আক্ৰান্তৰ পৰা বিল লোৱাৰ কথা ঘোষণা কৰিছে।”