কংগ্ৰেছ দলত যােগদান জ্যেষ্ঠ সাংবাদিকসহ বিজেপি নেতাৰ!

কংগ্ৰেছ দলত যােগদান জ্যেষ্ঠ সাংবাদিকসহ বিজেপি নেতাৰ!

October 20, 2020 0 By NEWS DESK

গুৱাহাটী। অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহত অব্যাহত থকা যোগদান পৰ্ব।

ইয়াৰ মাজতে কংগ্ৰেছ দলত যােগদান কৰিছে জ্যেষ্ঠ সাংবাদিককে ধৰি বিজেপি নেতাসহ ছয় সতাধিক লোকে।

কংগ্ৰেছ দলৰ সদস্যতা গ্ৰহণ খগেন কলিতাৰ

গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ কৰে বিজেপিৰ ভাষিক সংখ্যালঘু নেতা তথা অনুসূচিত জাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ স্বপন কুমাৰ মণ্ডল, গেৰুৱা দলটোৰ আন এগৰাকী নেতা বালিৰাম বড়ো, জ্যেষ্ঠ সাংবাদিক খগেন কলিতা, মৰাণ জনগোষ্ঠীয় নেতা প্ৰসেনজিৎ মৰাণ প্ৰমুখ্যে বিভিন্ন দল-সংগঠনৰ ছয় শতাধিক নেতা-কৰ্মীয়ে।

যোগদান কৰাসকলৰ ভিতৰত আছে বিজেপিৰ জিলা পৰ্যায়ৰ কেইবাজনো নেতা।

একেদৰে অগপৰো কেইবাজনো মেতা-কৰ্মীয়ে কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ কৰে।

কংগ্ৰেছ দল নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগদান কৰাসকলক আদৰণি জনায় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই।