কঠোৰ চৰকাৰ, এতিয়াৰে পৰা ধৰ্ষণ কৰিলে দিয়া হ’ব মৃত্যুদণ্ড !

কঠোৰ চৰকাৰ, এতিয়াৰে পৰা ধৰ্ষণ কৰিলে দিয়া হ’ব মৃত্যুদণ্ড !

October 14, 2020 0 By NEWS DESK

ধৰ্ষণ কাণ্ডক লৈ কঠোৰ হৈছে চৰকাৰ।

এতিয়াৰে পৰা ধৰ্ষণ কৰিলে দিয়া হ’ব মৃত্যুদণ্ড।

বাংলাদেশ চৰকাৰে শেহতীয়াকৈ আইন সংশোধন কৰি ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে এই কঠোক শাস্তিৰ ব্যৱস্থা কৰিছে।

ন্যায় মন্ত্ৰী আনিছুল হকে সদৰি কৰা অনুসৰি ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছতে গৃহীত হ’ব এই শাস্তি।

উল্লেখ্য যে, পূৰ্বে ধৰ্ষণৰ ক্ষেত্ৰত দেশখনত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আছিল।

দেশখনত বিভিন্ন লোকে কৰা প্ৰতিবাদৰ পিছতে এই শাস্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বাংলাদেশ চৰকাৰে।

উল্লেখ্য যে, বিগত ১৬ বছৰত বাংলাদেশত ৪,৫৪১ টাৰো অধিক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে।

২০২০ জানুৱাৰীৰ পৰা আগষ্ট মাহৰ ভিতৰত দেশখনত ৮৮৯ গৰাকী মহিলাক ধৰ্ষিত হৈছে।