Site icon NEWS8 NE

ক’ভিডত আক্ৰান্ত কনৰাড চাংমা, চাৰ্টাৰ বিমানত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে একেলগে কৰিছিল দিল্লী যাত্ৰা

নিউজ ডেস্ক। মেঘালয় ৰাজ্য প্ৰতিষ্ঠাৰ সােণালী জয়ন্তীৰ দিনাখনে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হােৱাত পূৰ্ব নিৰ্ধাৰিত সকলাে চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণৰ পৰা বিৰত থাকিব লগীয়া হয়।

ক’ভিড-১৯ পজিটিভ হােৱাৰ কথা শুকুৰবাৰে টুইটাৰৰ জৰিয়তেই প্ৰকাশ কৰিছে কনৰাড চাংমাই।

উল্লেখ্য যে বৃহস্পতিবাৰে অসম-মেঘালয় সীমা সমস্যাৰ সন্দৰ্ভত শেহতীয়াকৈ দুই ৰাজ্যৰ চৰকাৰে লােৱা পদক্ষেপ সন্দৰ্ভত অৱগত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ বাবে নতুন দিল্লীলৈ উৰা মাৰিছিল কনৰাড চাংমা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটী বিমানবন্দৰৰ পৰা একেখন চাৰ্টাৰ বিমানত যাত্ৰা কৰা দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীক সংগ দিছিল কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে।

ইপিনে, একেদিনাই নিশা নতুন দিল্লীৰ পৰা দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী পুনৰ ঘূৰি অহা বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

কলেজীয়া ছাত্ৰীৰ অপহৰণ-মুক্তিপণ দাবী! পৰিয়ালত হাহাকাৰ

Exit mobile version