ক’ভিডত মৃত্যু হোৱা লোকৰ শেষকৃত্যৰ বাবে চৰকাৰে আগবঢ়াব ৫০০০টকা

ক’ভিডত মৃত্যু হোৱা লোকৰ শেষকৃত্যৰ বাবে চৰকাৰে আগবঢ়াব ৫০০০টকা

September 11, 2020 0 By NEWS DESK

ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ক’ভিডত মৃত্যু হোৱা লোকৰ শেষকৃত্যৰ বাবে চৰকাৰে আগবঢ়াব ৫০০০টকা।

এই আৰ্থিক অনুদান পৰিয়ালৰ লােকে মৃতদেহ চমজি নােলােৱা অৱস্থাত শেষকৃত্যৰ ক্ষেত্ৰত প্ৰযােজ্য হ’ব।

নাইবা আৰ্থিকৰূপে দুৰ্বল পৰিয়াললৈ এই সাহায্য আগবঢ়ােৱা হ’ব বুলি প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী শৰ্মাই।

UB Photos

আনহাতে, এক বিশেষ ক্ষেত্ৰতো কোৱাৰাইণ্টানৰ ব্যৱস্থা হ্ৰাস কৰাৰ সিদ্ধান্ত চৰকাৰৰ।

অসমৰ বাহিৰলৈ ফুৰিবলৈ গলে বা কোনো কামত গৈ ৯৬ ঘণ্টাৰ ভিতৰতে উভতি আহিলে পূৰ্বৰ দৰে কোৱাৰাইণ্টাইন হোৱা নিয়ম এতিয়াৰে পৰা নাথাকিব।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়া যোগে সদৰী কৰে এই ঘোষণা।