ক’ভিডৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল ৯੦ বছৰৰ উৰ্ধৰ বাওঁপন্থী নেতা হেমেন দাস

ক’ভিডৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল ৯੦ বছৰৰ উৰ্ধৰ বাওঁপন্থী নেতা হেমেন দাস

May 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যজুৰি ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ উৰ্ধগামী হােৱাৰ মাজতে এক ভাল খবৰ।

ক’ভিড-১৯ক জয় পৰাস্ত কৰিলে বৰ্ষীয়ান বাঁওপন্থী নেতা তথা প্ৰাক্তন বিধায়ক হেমেন দাসে।

উল্লেখ্য যে যােৱা ২৯ এপ্ৰিলত ক’ভিড পজিটিভ হিচাপে চিনাক্ত হােৱাৰ পাছত চিআইএমৰ বৰ্ষীয়ান নেতা হেমেন দাস যোৱা ৩০ এপ্ৰিলৰ পৰা গুৱাহাটীৰ জিএনআৰচিৰ অধীনৰ ক’ভিড কেন্দ্ৰত চিকিৎসাধীন হৈ আছিল।

বাৰ্ধক্যজনিত কাৰণত চিকিৎসাৰ সময়ত জটিলতাৰ সন্মুখীন হৈছিল যদিও চিকিৎসক তথা চিকিৎসাকৰ্মীসকলৰ আশাশুধীয়া প্ৰচেষ্টা আৰু নিজৰ মানসিক দৃঢ়তাৰ বলত ১২ দিনৰ অন্তত ক’ভিডক জয় কৰিবলৈ সক্ষম হয়।

মংগলবাৰে RTPCR পৰীক্ষাত হেমেন দাস ক’বিডমুক্ত হিচাপে চিনাক্ত হয়।

ইয়াৰ পাছতে তেওঁ আবেলি গুৱাহাটী-হেঙেৰাবাৰীৰ বাসভৱনলৈ হেমেন দাস সুস্থ হৈ উভতি আহে।

লগতে চাওকঃ

নিজে ক’ভিড ৰােগী হৈও আক্ৰান্ত গৰ্ভৱতী ভগ্নীৰ জীৱন ৰক্ষাৰ বাবে এম্বুলেঞ্চ চলাই গ’ল ভাতৃয়ে