ক’ভিড আক্ৰান্ত হৈ মৃত্যু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ, পূৰ্বে মৃত্যু ভাতৃৰাে

নিউজ ডেস্ক। দেশত দ্ৰুত হাৰত বৃদ্ধি পায় আছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও। মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হৈছে ক’ভিড যোদ্ধা হিচাপে বিবেচিত চিকিৎসা কৰ্মী আৰু আৰক্ষী সকলো।

এইবাৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হ’ল আৰক্ষীৰ এজন উচ্চ পদস্থ বিষয়াৰ। তেওঁ হল উত্তৰ প্ৰদেশৰ এটাহ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাহুল কুমাৰ। বুধবাৰে চিকিৎসালয়ত মৃত্যু হয় বিষয়া জনৰ।

জানিব পৰা মতে, কিছুদিন আগত ৰাহুল কুমাৰৰ ভাতৃৰ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছিল। সেই সময়ত তেওঁ এলাহাবাদৰ নিজ ঘৰলৈ গৈছিল ভাতৃৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানলৈ। তাৰ পিছত পুনৰ কৰ্তব্যলৈ ঘূৰি আহি তেওঁৰ শাৰীৰিক অৱস্থা বেয়া হৈছিল।

সেয়েহে লগে লগে তেওঁ কভিড পৰীক্ষা কৰাত তেওঁৰ দেহত কভিড পজিতিভ ধৰা পৰে। তেতিয়াই তেওঁ পৰিয়ালৰ বাকী সদস্যক দিল্লীলৈ পঠাই নিজে হ’ম কোৱাৰেণ্টাইনত থাকে। কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ অৱস্থা শোচনীয় হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আৰক্ষীৰ বিভাগীয় সূত্ৰ অনুসৰি, কভিড-১৯ ত আক্ৰান্ত হোৱা বিষয়াজন আছিল হ’ম কোৱাৰেণ্টাইনত। কিন্তু তেওঁৰ স্বাস্থ্য অধিক অৱনতি ঘটাত তেওঁক নিয়া হৈছিল জিলা চিকিৎসালয়লৈ।

উশাহ লোৱাত কষ্ট অনুভৱ কৰাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও বুধবাৰৰ পুৱা ৯:৩০ বজাত তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে।

বিষয়াজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে এটাহ আৰক্ষী বিভাগত।

উল্লেখ্য যে ৰাহুল কুমাৰ আছিল ২০০১ বেটছৰ উত্তৰ প্ৰদেশ আৰক্ষী সেৱাৰ বিষয়া।

লগতে চাওকঃ

ক’ভিড-১৯ত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন, পিতৃ-মাতৃ-ভগ্নীও আক্ৰান্ত

উদ্বেগজনক! ৰাজ্যত এদিনতে ক’ভিডত প্ৰাণ হেৰুৱালে ৫৫ জন লােকে

Leave a Comment