ক’ভিড কেৱল ধেমালি, তৰুণ গগৈ ডাঙৰীয়াৰ ক’ৰণা হোৱা নাই, তেওঁ সুস্থ ব্যক্তিঃ ৰূপজ্যোতি কুৰ্মী !

ক’ভিড কেৱল ধেমালি, তৰুণ গগৈ ডাঙৰীয়াৰ ক’ৰণা হোৱা নাই, তেওঁ সুস্থ ব্যক্তিঃ ৰূপজ্যোতি কুৰ্মী !

September 2, 2020 0 By NEWS DESK

কৰ’ণা মহামাৰী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য।

কুৰ্মীয়ে কয়- ‘ক’ভিড ১৯ এক নাটক হয়। ক’ভিড সম্পূৰ্ণ ৰাজনীতি। ক’ভিড কেৱল ধেমালীহে। কেৱল সংখ্যা বঢ়াই চৰকাৰে ৰাজনীতি কৰিছে।’

জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিবলৈ চৰকাৰে ক’ভিডৰ নাটক কৰিছে বুলিও কয় কুৰ্মীয়ে।

ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ’ণাত আক্ৰান্ত হোৱা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰি বিধায়ক কুৰ্মীয়ে।

কুৰ্মীয়ে কয়- ‘তৰুণ গগৈ ডাঙৰীয়া বৃদ্ধ ব্যক্তি তেওঁৰ ক’ৰণা হোৱা নাই। তেওঁ সুস্থ ব্যক্তি। সকলোৱে জানে তেওঁ পেচমেকাৰ ব্যৱহাৰ কৰা ব্যক্তি।’

হাৰ্টৰ অসুখৰ বাবেহে তৰুণ গগৈ অসুস্থ হৈ থকা বুলি অভিযোগ উত্থাপন কৰে কুৰ্মীয়ে ।

লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ ক’ভিডত মৃত্যু নাই হোৱা বুলি দাবী তুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰো বয়স আৰু আন ৰোগৰ বাবেহে ক”ভিড হোৱা বুলি যুক্তি দিলে ৰূপজ্যোতি কুৰ্মীয়ে।

ক’ভিড সন্দৰ্ভত দুটা যুক্তি দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

তেওঁ কয়- ‘মই দুটা যুক্তি দিম৷ প্ৰথমে, একে সময়তে মণিপুৰলৈ যোৱা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কিয় কৰা নহ’ল কোৱাৰেণ্টাইন?

চাৰিজন বিধায়কক লৈ দিল্লীলৈ যোৱা মন্ত্ৰীগৰাকীৰ গাত কোভিড নালাগে নেকি?

কিয় সাংসদ গগৈকহে কৰা হ’ল কোৱাৰেণ্টাইন? বিজেপিৰ গাত নালাগে নেকি কোভিডৰ বীজাণু?

সমষ্টিয়ে সমষ্টিয়ে অস্থায়ী কোভিড  হাস্পতাল নুখুলি কি স্বাৰ্থত একাঁঠু বোকা হোৱা খানাপাৰাত কোভিড হাস্পতাল বনালে?

কাৰ স্বাৰ্থত বনোৱা হৈছে? মোৰ গান এটা গাবলৈহে মন গৈছে ‘কি নাম দি মাতিম,মাতিম তোমাক৷’