ক’ভিড পজিটিভ এগৰাকী ১৯ বছৰীয়া যুৱতীক ধৰ্ষণ কৰিলে এম্বুলেন্স ড্ৰাইভাৰে !

ক’ভিড পজিটিভ এগৰাকী ১৯ বছৰীয়া যুৱতীক ধৰ্ষণ কৰিলে এম্বুলেন্স ড্ৰাইভাৰে !

September 7, 2020 0 By NEWS DESK

মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা।

ক’ভিড পজিটিভ এগৰাকী ১৯ বছৰীয়া যুৱতীক ধৰ্ষণ কৰিলে এম্বুলেন্স ড্ৰাইভাৰে।

এই জঘন্য ঘটনা সংঘটিত হৈছে কেৰালাত।

যি ঘটনাই এতিয়া দেশজুৰি লাভ কৰিছে চাঞ্চল্যৰ।

জানিব পৰা মতে, ক’ভিড-১৯ত আক্ৰান্ত যুৱতীগৰাকীক চিকিৎসাৰ বাবে ঘৰৰ ওচৰৰে পাঠানামথিট্টা ক’ভিড চেণ্টাৰলৈ লৈ যোৱা অৱস্থাত এম্বুলেন্সৰ চালকজনে ধৰ্ষণ কৰে।

শনিবাৰে নিশা এই ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে সদৰি কৰিছে।

এম্বুলেঞ্চখনত মুঠ ২ গৰাকী মহিলা আছিল। তাৰে এগৰাকী আদহীয়া মহিলা আছিল আৰু আনগৰাকী ১৯ বছৰীয়া যুৱতী।

হাস্পতাললৈ অহাৰ পথত আদহীয়া মহিলাগৰাকী এম্বুলেঞ্চৰ পৰা নমাৰ পিছতে চালকগৰাকীয়ে ১৯ বছৰীয়া যুৱতীগৰাকীক ধৰ্ষণ কৰে।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে যুৱতীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত এম্বুলেন্সৰ চালকজনক আটক কৰে আৰক্ষীয়ে।

অভিযুক্ত ধৰ্ষণকাৰী চালকজন ২৯ বছৰীয়া নৌফাল বুলি চিনাক্ত কৰা হৈছে।